NORTHEAST NOW (Assamese)
Popular Stories

১৬ বছৰৰ পাছত ‘তাৰক মেহতা কা উল্টা চশমা’ৰ সংগ এৰিলে জনপ্ৰিয় চৰিত্ৰ গ’লীয়ে; আনুষ্ঠানিক ঘোষণা অভিনেতাজনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2024 7:38 am

‘তাৰক মেহতা কা উল্টা চশমা’ত জনপ্ৰিয় ‘গ’লী’ৰ চৰিত্ৰত অভিনয় কৰা কুশ শ্বাহ শ্ব’টোৰ পৰা আঁতৰি গৈছে। বিগত ১৬ বছৰে এই ধাৰাবাহিকৰ অংশ হৈ আহিছে কুশ। এটা আৱেগিক ভিডিঅ’ৰ জৰিয়তে অভিনেতাগৰাকীয়ে প্ৰস্থানৰ কথা ঘোষণা কৰে। শ্ব’টোত তেওঁৰ ঠাইত অভিনয় কৰিবলগীয়া অভিনেতাজনকো চিনাকি কৰাই দিয়ে নিৰ্মাতাসকলে।

‘তাৰক মেহতা কা উল্টা চশমা’ৰ চেটত বিদায়ী কেক কাটি অনুষ্ঠানৰ সময়ত কুশ শ্বাহ আৱেগিক হৈ পৰে। তেওঁক শ্ব’টোৰ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰুৱে আৱৰি ধৰে৷

ভিডিঅ’টোত দৰ্শকক উদ্দেশ্যি কয়, “আপুনি আৰু মই প্ৰথম লগ পোৱাৰ সময়ত যেতিয়া এই শ্ব’টো আৰম্ভ হৈছিল, তেতিয়া মই বহুত সৰু আছিলো। তেতিয়াৰ পৰা আপুনি মোক বহুত মৰম দিছে। আৰু এই পৰিয়ালটোৱে মোক যিমান মৰম দিছে, আপোনালোকেও সিমানেই মৰম দিছে।মই ইয়াত বহুত স্মৃতি গোটাইছোঁ মই ইয়াতেই মোৰ শৈশৱ কটালোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল তাৰক মেহতা কা উল্টা চশমাৰ সৃষ্টিকৰ্তা শ্ৰী অসিত কুমাৰ মোদীক এই যাত্ৰাৰ বাবে ধন্যবাদ জনাইছো লগতে তেখেতে মোৰ চৰিত্ৰটোক ইমান আকৰ্ষণীয় কৰি তুলিছিল, আৰু মোক সদায় অনুপ্ৰাণিত কৰিছিল।

‘তাৰক মেহতা কা উল্টা চশমা’ৰ ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া চিটকম,ধাৰাবাহিকখনৰ বিষয়বস্তু গোকুলধাম সমবায় গৃহ নিৰ্মাণ সমিতিৰ বাসিন্দাসকলৰ জীৱনক কেন্দ্ৰ কৰি। শ্ব’টোত অভিনয় কৰিছে দিলীপ যোশী, সুনয়না ফজদাৰ, বলৱিন্দৰ সিং ছুৰি, মোনাজ মেভাৱালা, আদি অভিনেতাই।