NORTHEAST NOW (Assamese)
দেশ

সংসদত বিৰোধীক ভাবুকি দিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে : অধ্যক্ষলৈ পত্ৰ গৌৰৱ গগৈৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 28, 2024 4:35 pm

কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সদস্য ছোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ নেতাৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে মোদীৰ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে।

এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপৰ দাবী জনাইছে।

গৌৰৱ গগৈয়ে অধ্যক্ষলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু ৰৱনীত সিং বিট্টুৱে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ভূপিন্দৰ সিং হুদা আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

গগৈয়ে বিৰলালৈ প্ৰেৰণ কৰা এখন পত্ৰত লিখিছে, ‘২৬ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সংসদত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দৰ সিং হুডাৰ বিৰুদ্ধে ভাবুকিমূলক ভাষা ব্যৱহাৰ কৰিছিল। একেদৰে ২৫ জুলাইত ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ বিষয়ে সংসদত অসংসদীয় ভাষা ব্যৱহাৰ কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে। আনকি বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই সংসদত সাম্প্ৰদায়িকভাৱে উচটনিমূলক ভাষণ দিছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ উপস্থিতিত এই কাণ্ড সংঘটিত হৈছিল।’

পত্ৰখনত কংগ্ৰেছৰ সাংসদগৰাকীয়ে অধ্যক্ষলৈ এই কথাও লিখিছে – ‘এয়া অতি দুৰ্ভাগ্যজনক, সংসদৰ ভিতৰতে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ নিস্তব্ধ কৰাৰ চেষ্টা কৰা হৈছে।’

একে সময়তে গৌৰৱে এই ক্ষেত্ৰত অধ্যক্ষৰ হস্তক্ষেপ বিচাৰিছে। তেওঁ অধ্যক্ষক আবেদন জনায় লিখিছে “মই আশা কৰিছো যে আপুনি তৎক্ষণাত হস্তক্ষেপ কৰি এই নিন্দনীয় বক্তব্য দিয়া সংসদৰ সদস্যসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব”।