NORTHEAST NOW (Assamese)
দেশ

কুকুৰৰ নে ছাগলীৰ? বেংগালুৰুৰ ষ্টেশ্যনত উদ্ধাৰ ২৭০০ কিলোগ্ৰাম মাংস

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 28, 2024 7:43 pm

এক-দুই কেজি নহয়। দেশৰ প্ৰযুক্তি চহৰ বাংগালুৰুত উদ্ধাৰ হৈছে মুঠ ২৭০০ কেজি মাংস।

এই বিশাল পৰিমাণৰ মাংস আচলতে কি জন্তুৰ মাংস? অব্যাহত আছে বিতৰ্কৰ। এয়া কুকুৰৰ মাংস বুলিও উত্থাপন হৈছে প্ৰশ্নৰ।

বেংগালুৰু খাদ্য সুৰক্ষা আয়ুক্তৰ বিষয়াসকলে জনোৱা মতে, উদ্ধাৰ হোৱা এই বিপুল পৰিমাণৰ মাংস ছাগলীৰ। এইবোৰ কুকুৰৰ মাংস নহয় বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে।

পূৰ্বে প্ৰশ্ন হৈছিল, বাংগালুৰু চিটি ষ্টেশ্যনৰ জৰিয়তে কুকুৰৰ মাংস সৰবৰাহ হয় নেকি? উদ্ধাৰ হোৱা মাংসক লৈ প্ৰশ্ন উত্থাপন হৈছে অভিযোগ, এই ২৭০০ কিলোগ্ৰাম উদ্ধাৰ হোৱা মাংস আচলতে কুকুৰৰ মাংস। যদিও প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই মাংস আচলতে ছাগলীৰ।

উল্লেখ্য যে বাংগালুৰুত অবৈধভাৱে কুকুৰৰ মাংস বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে আৰক্ষীয়ে এই সম্পৰ্কে এফআইআৰ দাখিল কৰিছে।