NORTHEAST NOW (Assamese)
Popular Stories

ভিনেশ ফ’গাটক ভাৰতৰত্ন নহ’লে ৰাষ্ট্ৰপতি মনোনীত ৰাজ্যসভাৰ সদস্যপদ দিব লাগে- অভিষেক বেনাৰ্জীৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2024 5:14 pm

অলিম্পিকৰ ফাইনেলৰ ঠিক আগতে মল্লযুঁজাৰু ভিনেশ ফ’গাটক নিৰ্দিষ্ট শাখাত সামান্য অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হয়। এই ঘটননাক লৈ সমগ্ৰ দেশত হুলস্থুল। আলোচনা আৰু সমালোচনাৰ উত্তেজনাৰ মাজতো ৰাজনৈতিক ষড়যন্ত্ৰৰ তত্ত্বৰ উন্মেষ ঘটিছে। এনে সময়ত তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৰাজনৈতিক প্ৰস্তাৱ আগবঢ়ায়। সেইটো তেওঁ এক্স হেণ্ডেলত লিখিছিল।

বুধবাৰে সন্ধিয়া অভিষেকে শাসকীয় দল আৰু কেন্দ্ৰৰ বিৰোধী দলৰ আগত এটা প্ৰস্তাৱ আগবঢ়ায়। তেওঁ লিখে, সকলোৰে সন্মতি সাপেক্ষে, সকলোৱে মান্তি হ’লে ভিনেশক ভাৰতৰত্ন দিব লাগে। যদি নহয়, তেন্তে ভিনেশক ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি মনোনীত সদস্যপদ দিব লাগে। অভিষেকে কয় যে এয়া ভিনেশৰ বাবে এক যোগ্য সন্মান হ’ব। অভিষেকৰ ভাষাত ‘ভিনেশে সন্মুখীন হোৱা যুঁজখনৰ বাবে কোনো পদকেই যথেষ্ট নহয়।’

ৰাজনৈতিক মহলৰ বহু লোকে এই প্ৰস্তাৱক এক প্ৰকাৰৰ মাষ্টাৰষ্ট্ৰ’ক বুলি ভাবে। কাৰণ অভিষেকৰ এই প্ৰস্তাৱ বিজেপিয়ে পেলাব নোৱাৰিব। ইফালে যদি তেওঁলোকে এই প্ৰস্তাৱত সন্মতি নিদিয়ে তেন্তে তেওঁলোকে বেকফুটত যাব, পুনৰ মান্তি হ’লেও সেয়া তেওঁলোকৰ লোকচান হ’ব। কেৱল বিজেপিয়েই নহয়, কেন্দ্ৰত থকা বিজেপি বিৰোধী মিত্ৰজোঁট ভাৰতীয় দলসমূহেও এই প্ৰস্তাৱ ঘূৰাই দিব নোৱাৰিব।

বিজেপি চৰকাৰে ইতিমধ্যে ভিনেশক বাদ দিয়াৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছে। কাৰণ বিজেপিৰ প্ৰাক্তন সাংসদ তথা অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ লৈ ৰাজপথলৈ ওলাই আহিছিল ভিনেশ। সেই ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভিনেশক অলিম্পিকৰ মঞ্চৰ পৰা আঁতৰাই দিয়া হ’ল নেকি সেই বিষয়ে আলোচনা কৰা হৈছে। এনে পৰিস্থিতিত বুধবাৰে বিয়লি লোকসভাত এক বিবৃতি দিবলৈ বাধ্য হয় কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডবিয়াই। তেওঁৰ ভাষণত অসন্তুষ্ট হৈ বিৰোধীয়ে ৱাক আউট কৰে।

আনহাতে, ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পাছতো ক্ৰমান্বয়ে ভিনেশৰ প্ৰতি সমৰ্থন আৰু প্ৰশংসাৰ কণ্ঠ বাঢ়িছে। অলিম্পিকত দেশৰ হৈ যুঁজিবলৈ তেওঁ যি আত্মত্যাগ কৰিছিল, সেইদৰে তেওঁ ৫৩ কেজি শাখাত নিজৰ ওজন কমাবলৈ বাধ্য কৰাই দেশৰ হৈ যুঁজিবলৈ বাধ্য কৰাইছিল, পদক অবিহনে তেওঁৰ উভতি অহাটো কোনেও মানি ল’ব পৰা নাই।