NORTHEAST NOW (Assamese)
অসম

ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষী আৰু বি এছ এফৰ পৃথক অভিযানত ৪৯ টা গৰু উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2019 7:14 am
Rescued cattle

বুধবাৰে আৰক্ষী আৰু বিএছএফে ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানত অভিযান চলাই ৪৯ টা গৰু উদ্ধাৰ কৰাৰ লগতে দুজন গৰু সৰবৰাহকাৰীক আটক কৰে।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে মুঠ ২৫ টা গৰু উদ্ধাৰ কৰে আৰু মহামায়া চৰৰ পৰা ৯ টা গৰু আৰু দুজন গৰু সৰবৰাহকাৰীক আটক কৰে।

পৰৱৰ্তী সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা লোক দুজনক সুখচৰ আৰক্ষীৰ হাতত গটাই দিয়ে।

আনহাতে, মানকাচাৰ আৰক্ষীৰ এটা দলেও একেটা দিনতে অভিযান চলাই ১৫ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ ভাৰতৰ পৰা এক বৃহৎ চক্ৰই অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছে।

বি এছ এফে আৰু আৰক্ষী বাহিনীয়ে চোৰাং ভাবে গৰু সৰবৰাহ কৰা অবৈধ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও বৃহৎ চক্ৰটোৱে এতিয়াও অবৈধভাৱে গৰুৰ চালান অব্যাহত ৰাখিছে।