NORTHEAST NOW (Assamese)
দেশ

টেটুত ধৰি পকেটৰ টকা উলিয়াই নিয়ে পদূলিয়ে পদূলিয়ে থকা টোলগেট ! এবছৰত টোলগেটৰ পৰা কিমান সংগ্ৰহ কৰিলে চৰকাৰে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 8, 2024 6:07 pm

টোলগেটে হাৰাশাস্তি কৰিছে বিভিন্ন ৰাজ্যৰ জনতাক। কৰ তথা পথ নিৰ্মাণৰ বাবে সংগ্ৰহ কৰা কৰৰ বলি হৈছে বিভিন্ন ৰাজ্যৰ জনতা। কিয়নো বিভিন্ন ৰাজ্যত ভগা-ছিগা পথৰ ওপৰত বাহন চলাই ভতিব লগা হৈছে টোলকৰ।

কেৱ্ল এয়াই নহয় প্ৰতি বছৰে বৃদ্ধি কৰা হৈছে টোককৰ। বৰ্ধিত টোলকৰ দি দি এতিয়া হায়ৰাণ হৈছে দেশৰ মধ্যবিত্তীয়। টোলকৰৰ বাবে বৃদ্ধি পাইছে যাতায়ৰ খৰচ। যাৰ প্ৰভাৱত বৃদ্ধি পাইছে বাছভাড়া আৰু অন্যান্য সামগ্ৰীৰ মূল্য।

শেহতীয়াকৈ চৰকাৰে ৰাজ্যসভাত দাঙি ধৰা এক তথ্য অনুসিৰ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগে’টত যোৱা এবছৰত সংগ্রহ হৈছে ৫৪,৮১১.১৩ কোটি টকাৰ কৰ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাই পথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত দাঙি ধৰিছে এই তথ্য।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে যোৱা বছৰতকৈ এই বছৰ ১,৪০০ কোটি টকা অধিক কৰ সংগ্ৰহ কৰা হৈছে টোলগেট সমূহৰ পৰা।

বিগত ৫ বছৰত ৫ বাৰ বৃদ্ধি কৰা হৈছে টোলকৰ।  বিগত বৰ্ষৰ তুলনাত চলিত বর্ষত ২.৫৫ শতাংশ কৰ বৃদ্ধি কৰাৰ কথাও জনাইছে গাডকাৰীয়ে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে বিগত বর্ষত পথৰ মেৰামতিৰ বাবে ৬,৫২৩ কোটি টকা ব্যয় কৰা বুলিও সদনত জনাইছে।