NORTHEAST NOW (Assamese)
Popular Stories

স্বাধীনতা দিৱসৰ দিনটোত অসমৰ ২৫টা স্থানত বোমা সংৰোপণ কৰাৰ দাবী আলফা স্বাধীনৰ! দিলে তালিকাও, বোমাৰ সন্ধানত আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2024 12:51 pm

স্বাধীনতা দিৱসৰ দিনটোতই ৰাজ্যৰ ২৫টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বাধীন)ৰ। বিবৃতিযোগে এই দাবী কৰিছে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাই। কাৰিকৰী বিজুতিৰ বাবে সময়মতে বোমা ফলপ্ৰসূ নোহোৱা বুলি বিবৃতিত উল্লেখ কৰিছে আলফা স্বাধীনে। বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰিবলৈ বিবৃতিত আহ্বান জনোৱা হৈছে।

বিবৃতিত উল্লেখ কৰা অনুসৰি, আজি ১৫ আগষ্টৰ দিনটোত পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণৰ সময় ধাৰ্য কৰা হৈছিল। কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে।

বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানসমূহ :
১. শিৱসাগৰৰ টিডিঅ’ অফিচত পৰি থকা পুৰণা গাড়ী এখনত।
২. শিৱসাগৰৰ বি জি ৰ’ড ONGC ৫নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণি এম্বুলেঞ্চখনত।
৩. লাকুৱা তিনিআলিত, থানাৰ সমীপত।
৪. অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড়, পুৰণা বাছ এখনত।
৫. অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ, পুৰণা বাছ এখনত।
৬. লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত (A Team Field)ত থকা NHPCৰ পুৰণা গাড়ীখনত।
৭. লালুক দৈনিক বজাৰ, IBৰ সমীপত
৮. বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত।
৯. নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতাল পোৱাৰ আগত পোৱা ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা আছে।
১০. দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা অৱস্থাত।
১১. গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰান্সফৰ্মাৰ ব’ৰ্ডৰ বাকচটোত।
১২. নাৰেংগী আৰ্মী কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে।
১৩. ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, পাণবজাৰ, গুৱাহাটী।
১৪. যোৰাবাট উৰণীয়া সেতুৰ সমীপত।
১৫. ভেটাপাৰা
১৬. মালিগাঁও
১৭. ৰাজগড়
১৮. নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত।
১৯. ৰঙিয়া-তামুলপুৰ ৰ’ডৰ SBI Welcome ব’ৰ্ডখন পাৰ হৈ পোৱা প্ৰথমখন দোকানৰ কাষৰ খালী ঠাইখিনিত, গোৰেশ্বৰ
লগতে পানীতোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান, ডিব্ৰুগড়ৰ এটা স্থান, গোলাঘাট-সৰুপথাৰৰ দুটা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব নগ’ল বুলিও বিবৃতিত উল্লেখ কৰিছে।