NORTHEAST NOW (Assamese)
অসম

ডিমাচা ভৱন মুকলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ : ডিমা হাচাও উন্নয়নৰ ধন ৰাশি ১০০ কোটিলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ May 22, 2018 10:03 am
21-05-18 Guwahati- Himanta Biswa Sarma press meet (1)

‘নতুন দিল্লীত নিৰ্মাণ কৰা হ’ব তিনিটা নতুন ভৱন। শীঘ্ৰে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব অসম ভৱন, কাৰ্বি ভৱন আৰু ডিমাচা ভৱন ’। এই কথা ঘোষণা কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে গুৱাহাটীৰ ৰুক্মিণী নগৰত নৱনিৰ্মিত ডিমাচা ভৱনৰ মুকলি কৰি ড০ শৰ্মাই কয়, ‘তিনিওটা ভৱনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভূমি আবণ্টন দিছে। ভৱনকেইটাৰ নিৰ্মাণকাৰ্য অচিৰেই আৰম্ভ কৰা হ’ব আৰু প্ৰায় ২ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। ডিমা হাচাও স্বায়ত্ত পৰিষদৰ বাবে পূৰ্বতে ৫০ কোটি টকাকৈ দিয়া হৈছিল। কিন্তু এতিয়াৰে পৰা পৰিষদক ১০০ কোটি টকা দিয়া হ’ব’।

বিত্ত মন্ত্ৰীগৰাকীয়ে হাফলঙৰ জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদিত শক্তিৰ ৫ শতাংশ ডিমা হাচাও স্বায়ত্ত পৰিষদে বিনামূলীয়াকৈ লাভ কৰিব বুলি মন্তব্য কৰি কয়- ‘ডিমা হাচাওৰ সকলো সম্পদৰে ৰয়েল্টী জিলাখনে লাভ কৰিব’।

সাম্প্ৰতিক সময়ত অসমৰ সৰ্বত্ৰে আন্দোলন প্ৰতিবাদ চলি থকা প্ৰসংগত মন্ত্ৰী শৰ্মাই কয়, ‘মদাহীয়ে মদ নাখালে যেণেকৈ থাকিব নোৱাৰে, জুৱাৰীয়ে জুৱা নেখেলিলে থাকিব নোৱাৰে ঠিক সেইদৰে অসমত এচাম মানুহ আছে যিয়ে প্ৰতিবাদ আন্দোলন নকৰিলে থাকিব নোৱাৰে’।

ইফালে উক্ত অনুষ্ঠানত ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোছা উপস্থিত থাকি কয়, ‘গুৱাহাটীৰ ডিমাচা ভৱনটোৱে নিশ্চয়কৈ ডিমা হাচাওৰ পৰা শিক্ষা, স্বাস্থ্য তথা আন আন কামত অহা লোকসকলক যথেষ্ট পৰিমানে সহায় কৰিব।