NORTHEAST NOW (Assamese)
অসম

হিমন্তৰ শান্তিৰ অসম! ৮ জিলাত পুনৰ সম্প্ৰসাৰণ কৰা হ’ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2023 12:58 pm

কি হ’ল হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি? উঃপূঃ তথা অসমলৈ লৈ শান্তি কঢ়িয়াই অনা বুলি উদাক্ত কণ্ঠেৰে ভাষণ দিয়া নৰেন্দ্ৰ মোডীৰ চৰকাৰে আকৌ এবাৰ নিজৰ স্ববিৰোধ প্ৰকাশ কৰি বুধবাৰে অসমৰ ৮ খন জিলাত পুনৰ সম্প্ৰসাৰণ কৰিলে বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)

অহা এক এপ্ৰিলৰ পৰা ৮ খন জিলাত সম্প্ৰসাৰণ হ’ব “অশান্ত এলেকা” ৰ মোহৰ।

অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন । অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা এক অধিসূচনাত এই কথা উল্লেখ কৰিছে।

ইয়াৰ পৰিৱৰ্তে অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ পৰা উঠাই লোৱা হৈছে “অশান্ত এলেকা” টেগ। অসমৰ আইনশৃংখলাৰ পৰিস্থিতিৰ পুনৰীক্ষণৰ পাছতে লক্ষীপুৰৰ পৰা এই আইন উঠাই লোৱা হৈছে বুলি সদৰী কৰিছে গৃহ বিভাগে৷

উল্লেখ কৰিব পাৰি যে কেন্দ্ৰই, যোৱা সপ্তাহত, অসম, নাগালেণ্ড আৰু মণিপুৰত এপ্ৰিলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা “অশান্ত এলেকা” হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা বুলি কৈছিল।

১৯৯০ চনৰ ২৭ নৱেম্বৰৰ মাজ নিশা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত অসমক “অশান্ত এলেকা” হিচাপে ঘোষণা কৰা হৈছিল।

তেতিয়াৰ পৰাই অসমত প্ৰতি ছমাহৰ মূৰে মূৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে।