NORTHEAST NOW (Assamese)
Popular Stories

১১ বছৰ পূৰ্বেই মাতৃ হোৱাৰ পৰিকল্পনা কৰিছিল ‘দেশী গাৰ্ল’ প্ৰিয়ংকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2023 11:28 am

২০২২ চনৰ জানুৱাৰী মাহত মাতৃত্ব লাভ কৰিছিল মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। কিন্তু প্ৰিয়ংকাই সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছিল বিয়া হোৱাৰ বহু বছৰৰ পূৰ্বেই।

বৰ্তমান প্ৰিয়ংকা চোপ্ৰাৰ বয়স ৪১ বছৰ। আজিৰ পৰা ৫ বছৰৰ আগতে আমেৰিকাৰ তাৰকা নিক জোনাছৰ সৈতে বিয়াত বহিছিল অভিনেত্ৰীগৰাকী। কিন্তু বিয়া হোৱাৰ ৬ বছৰৰ পূৰ্বে অৰ্থাৎ আজিৰ পৰা ১১ বছৰৰ আগতেই সন্তান জন্ম দিয়াৰ পৰিকল্পনা আৰম্ভ কৰিছিল প্ৰিয়ংকাই। ১১ বছৰৰ আগতেই সন্তান জন্ম দিবৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে নিজৰ ডিম্বাণু সংৰক্ষণ কৰি ৰাখিছিল অভিনেত্ৰী গৰাকীয়ে।

শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই কয় যে মই ল’ৰাছোৱালী ভাল পাওঁ। মোৰ সদায় সন্তান জন্ম দিয়াৰ ইচ্ছা আছিল। গতিকে ৩০ বছৰ বয়সতে মই মোৰ ডিম্বাণু সঞ্চয় কৰি ৰআখিছিলোঁ।

মাতৃৰ পৰামৰ্শমতে ডিম্বাণু সংৰক্ষণ কৰি ৰখাৰ এই পদক্ষেপ গ্ৰহণ কৰিছিল বুলি সদৰী কৰিছে অভিনেত্ৰীগৰাকীয়ে।

এই প্ৰসংগত প্ৰিয়ংকাই যুক্তি আগবঢ়ায়, “মই অভিলাষী, মই মোৰ কেৰিয়াৰত সফল হব বিচাৰিছিলোঁ। কিন্তু সেই সময়ত মই এনে এজনক বিচাৰি নাপালোঁ যাৰ লগত মই সন্তান জন্ম দিয়াৰ কথা ভাবিব পাৰিম। গতিকে মাৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ।”

তাৰোপৰি প্ৰথম অৱস্থাত নিকক বিয়া কৰাবলৈ ইচ্ছুক নাছিল বুলি উল্লেখ কৰিছে প্ৰিয়ংকা চোপ্ৰাই। অথচ ডেটিং কৰাৰ কেইমাহমানৰ ভিতৰতে দুয়োৰে বিয়া হৈছিল। কিন্তু দুয়োৰে বয়সৰ পাৰ্থক্য আছিল বৃহৎ। বিবাহৰ সময়ত নিক ২৫ বছৰীয়া হোৱাৰ বিপৰীতে প্ৰিয়ংকাৰ বয়স আছিল ৩৫ বছৰ।

অভিনেত্ৰীগৰাকীৰ মতে, “মই সন্তান জন্ম দিব বিচাৰিছিলোঁ। ২৫ বছৰ বয়সত সন্তান জন্ম দিয়াৰ কথা ভাবিব লাগে নে নাই সেই বিষয়ে মোৰ সন্দেহ আছিল। সেইবাবেই নিকৰ লগত মোৰ ডেটিং কৰিবলৈও মন যোৱা নাছিল।”

অৱশ্যে এটি কন্যা সন্তানসহ বিদেশত সুখী জীৱন যাপন কৰি আছে নিক আৰু প্ৰিয়ংকাই।