ওপিএছ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জে চি টি ইউ অসমৰ

যোৱা ২৪ আগষ্ট তাৰিখে কেন্দ্ৰীয় কেবিনেটে আৰু এটা নতুন পেন্সন আঁচনি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোৱা হৈছে ইতিমধ্যে এন পি এছ ৰ অধীনৰ কেন্দ্ৰীয় কৰ্মচাৰী সকলৰ বাবে এই আঁচনি ১ এপ্ৰিল, ২০২৫ ৰ পৰা কাৰ্যকৰী হ’ব । লগতে কোৱা হৈছে এন পি এছ ৰ অধীনৰ কৰ্মচাৰী সকলে এই আঁচনিলৈ গমন কৰিব (Switch over) পাৰিব । Switch over ইচ্ছাকৃত হ’ব আৰু এবাৰ মত দিয়াৰ পিছত বদলাব পৰা নাযাব ।
নতুন পেন্সন আঁচনিটোৰ নাম হ’ব ইউনিফাইড পেন্সন আঁচনি (UPS) । কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে প্ৰযোজ্য ই তৃতীয়টো পেন্সন আঁচনি । ভালকৈ লক্ষ্য কৰিলে ধৰিব পাৰি ই আচলতে কোনো একীকৃত আঁচনি নহয় ; প্ৰকৃততে ই হ’ল এন পি এছ আৰু মুণ্ডহীন ও পি এছ (পুৰণি পেন্সন আঁচনি) ৰ সংমিশ্রণহে মাথোন । আপাত ভাৱে ও পি এছ ৰ দৰেই কিবাকিবি পোৱা যেন লাগে, কিন্তু আচলতে সকলো বোৰেই বিকৃত ৰূপত । এন পি এছ ৰ প্ৰায় সকলো বিলাক চৰ্তই ইয়াত বৰ্তমান আৰু ও পি এছ ৰ মূল মূল সুবিধা সমূহেই ইয়াত অনুপস্থিত ।
কালক্ৰমত এই আঁচনি ৰাজ্য চৰকাৰ সমূহৰ শিক্ষক কৰ্মচাৰী আৰু বেংক বীমাকে ধৰি ৰাষ্ট্ৰায়ত্ব খণ্ডৰ কৰ্মচাৰী সকলৰ বাবেও কাৰ্যকৰী হ’ব ।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেল কৰি ঘোষণা কৰা অনুযায়ী UPS ৰ পাঁচটা মূল স্তম্ভৰ কথা জানিব পৰা গৈছে । যথা সময়ত চৰকাৰী নিৰ্দেশনা প্ৰকাশ হোৱাৰ পিছতহে আচল চৰ্তসমূহ জানিব পৰা যাব ।
জে চি টি ইউ, অসমে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে আপাত দৃষ্টিত এই পাঁচটা স্তম্ভই কৰ্মচাৰী সকলৰ এন পি এছ বাতিলৰ দাবীৰে চলাই অহা দীৰ্ঘদিনীয়া সংগ্ৰামৰ কোনো সন্তোষজনক সমাধান দিব পৰা নাই । দাবী আছিল এন পি এছ বাতিল কৰি ও পি এছ পুনৰ প্ৰৱৰ্তন কৰিব লাগে । কিন্তু এনেকুৱা এটা নতুন আঁচনি প্ৰৱৰ্তন কৰিলে যিয়ে ও পি এছ ৰ ওচৰলৈকে যাব নোৱাৰিলে ।
অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই দিয়া তথ্য সমূহ বিশ্লেষণ কৰিলে বা বৰ্তমান ও পি এছ ৰ লগত তুলনামূলক অধ্যয়ন কৰিলে বুজা যাব, ই কেনেকৈ কৰ্মচাৰী সকলক প্ৰৱঞ্চণা কৰিবলৈ ওলাইছে ।
মূল বিষয়বোৰ হ’ল এনেধৰণৰ:
নিশ্চিত পেন্সন:
UPS আঁচনিত পেন্সনৰ পৰিমাণ হ’ব অৱসৰৰ ঠিক আগৰ ১২ মাহৰ মূল দৰমহাৰ গড়মূল্যৰ ৫০% । যিসকল কেন্দ্ৰীয় কৰ্মচাৰীয়ে ২৫ বছৰ বা ততোধিক চাকৰি কৰিব তেওঁলোকেহে এই ৫০% ৰ বাবে যোগ্য হ’ব । ১০ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’লে সমানুপাতিক হাৰতহে পেন্সন পাব । ১০ বছৰৰ তলত চাকৰি হ’লে কোনো ধৰণৰ পেন্সন নাপাব । আপাত দৃষ্টিত ই ও পি এছ ৰ নিচিনা যেন লাগিলেও আচলতে কিন্তু নহয় ।
ও পি এছ ত চাকৰিকালৰ শেষ মাহৰ দৰমহাৰ ৫০% পেন্সন হিচাবে পোৱা যায় । আৰু ১০ বছৰ বা অধিক হ’লেই সম্পূৰ্ণ ৫০% পেন্সন পোৱা যায় । UPS ত ১২ মাহৰ গড় মানেই হ’ল শেষ মাহৰ দৰমহাতকৈ কম । অৰ্থাৎ UPS ৰ ৫০% ও পি এছৰ ৫০% তকৈ কম । গতিকে ই এক প্ৰৱঞ্চনাহে মাত্ৰ ।
নিশ্চিত পৰিয়াল পেন্সন:
কোৱা হৈছে পৰিয়াল পেন্সন হ’ব পেন্সনাৰ জনৰ পেন্সনৰ ৬০% । অৰ্থাৎ মূল দৰমহাৰ (গড়) ৩০% ।আপাত দৃষ্টিত ইয়াক বেছি যেনেই লাগে । আচল কথাটো হ’ল, পৰবৰ্তী ৩নং চৰ্তৰ দ্বাৰা ই সীমাবদ্ধ । ৩নং চৰ্ত মতে (তলত উল্লেখ কৰা হ’ব) মতে নিশ্চিত ন্যূনতম পেন্সন হ’ল ১০০০০ টকা । অৰ্থাৎ পৰিয়াল পেন্সন হ’ব ৬০০০ টকা । কিন্তু ও পি এছ মতে ন্যূনতম পৰিয়াল পেন্সন হ’ল ৯০০০ টকা। আৰু তাৰ ওপৰত মূল দৰমহাৰ ৩০% মানে পেন্সনৰ ৬০% । ইয়ো এক প্ৰৱঞ্চনাহে মাথোন ।
নতুন UPS আঁচনি মতে ন্যূনতম পেন্সন হ’ব ১০০০০ টকা । কিন্তু ২৫ বছৰ চাকৰিৰ চৰ্তই কৰ্মচাৰী সকলক ইয়াৰ পৰা বঞ্চিত কৰিব । ও পি এছ মতে কিন্তু ১০ বছৰ চাকৰি হ’লেই ন্যূনতম পেন্সন পায় ৯০০০ টকা আৰু মৰগীয়া বানচ ।
NPS মতে কৰ্মচাৰী সকলৰ জমাধনৰ ৬০% ঘূৰাই দি বাকী থকা ৪০% চৰকাৰে শেয়াৰ মাৰ্কেটত বিনিয়োগ কৰে আৰু তাৰ লাভ্যাংশৰ পৰা তথাকথিত এন পি এছ পেন্সন দিয়ে । কিন্তু প্ৰস্তাৱিত এই UPS ত জমাধনৰ ৬০% ঘূৰাই দিয়া নহ’ব । অৰ্থাৎ সম্পূৰ্ণ ১০০% ই চৰকাৰে লৈ ল’ব । তাৰ সলনি চাকৰি কালৰ প্ৰতি ৬ মাহৰ বাবদ শেষ মাহৰ দৰমহাৰ ১০% হিচাবত এটা থুলমূল টকা আদায় দিব । অৰ্থাৎ এজন কৰ্মচাৰীয়ে যদি ৩০ বছৰ চাকৰি কৰে, তেতিয়াহ’লে তেওঁ ৬ মাহৰ দৰমহা থুলমূল হিচাবে পাব । ২০ বছৰ কৰিলে পাব ৪ মাহৰ, ২৫ বছৰ কৰিলে ৫ মাহৰ আৰু ১০ বছৰ কৰিলে পাব ২ মাহৰ । হিচাব কৰিলেই ওলাই পৰে ই কিমান প্ৰৱঞ্চনা !
মন্ত্ৰীয়ে যিবোৰ কথা নক’লে সেইবোাৰ হ’ল এনেধৰণৰ :
১) এন পি এছ ৰ দৰে ইউ পি এছ তো কৰ্মচাৰী সকলে দৰমহা আৰু মৰগীয়া বানচৰ ১০% বৰঙণি আদায় দিবই লাগিব । চৰকাৰে তেওঁলোকৰ বৰঙণি বৃদ্ধি কৰিলেও কৰ্মচাৰীয়ে তাৰ পৰা কোনো ধৰণৰ লাভ নাপাব । বৰং মুঠ জমা হোৱা ধনৰাশি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ ফলত কৰ্পোৰেট গোষ্ঠীহে লাভান্বিত হ’ব । অৰ্থাৎ নব্য উদাৰ অৰ্থনীতিৰ কৰ্মসূচীহে পূৰণ হ’ব ।
২) ও পি এছ ত ৪০% পৰ্যন্ত পেন্সন কমিউটেচনৰ ব্যৱস্থা আছে যিটো ইউ পি এছ ত নাই ।
৩) কৰ্মচাৰী সকলৰ দৰমহা সংশোধনৰ লগে লগে পেন্সনৰ সংশোধনৰ ব্যৱস্থা ও পি এছ ত আছে । কিন্তু ইউ পি এছ এই সম্পৰ্কে সম্পূৰ্ণ নিমাত ।
৪) ও পি এছ ত ৮০ বছৰ, ৮৫ বছৰ, ৯০ বছৰ, ৯৫ বছৰ আৰু ১০০ বছৰ হ’লে ২০%, ৩০%, ৪০%, ৫০% আৰু ১০০% হাৰত পেন্সন বৃদ্ধিৰ ব্যৱস্থা আছে কিন্তু ইউ পি এছ ত এনেকুৱা কোনো ব্যৱস্থা নাই ।
৫) ও পি এছ ত ভৱিষ্য নিধিৰ ব্যৱস্থা আছে কিন্তু ইউ পি এছ ত নাই ।
৬) ও পি এছ ত পৰিয়াল পেন্সনৰ ক্ষেত্ৰত পেন্শনাৰ জনৰ ৬৭ বছৰ বয়স হোৱা পৰ্যন্ত সম্পূৰ্ণ পেন্সন পায় কিন্তু ইউ পি এছ ত পেন্সনাৰ জনৰ মৃত্যুৰ লগে লগে ৩০% লৈ নামি আহিব ।
৭) এন পি এছ ৰ অধীনৰ কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালটোৱে ও পি এছ ৰ নিয়ম মতে পৰিয়াল পেন্সন পাব পাৰে কিন্তু ইউ পি এছ ত তেনে কোনো ব্যৱস্থা নাই ।
জে চি টি ইউ, অসমে সেয়েহে এই নতুন আঁচনিখন কৰ্মচাৰী সকলৰ হিতাৰ্থে প্ৰনয়ণ কৰা বুলি গণ্য নকৰে । দেশৰ সৰ্বস্তৰৰ শ্ৰমিক শিক্ষক কৰ্মচাৰীয়ে জইন্ট ফৰাম ফৰ ৰেষ্টোৰেচন অৱ ও পি এছ ৰ নেতৃত্বত যি আন্দলোন গঢ়ি তুলিছিল সেয়া আছিল এন পি এছ বাতিল কৰি ও পি এছ পুনৰ প্ৰৱৰ্তনৰ দাবীতহে । ইউ পি এছ ৰ দৰে এটা বিকৃত আঁচনিৰ বাবে নহয় ।
জে চি টি ইউ অসমে সেয়েহে ও পি এছ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী সজোৰে উত্থাপন কৰে আৰু ও পি এছ পুনৰ প্ৰৱৰ্তনৰ দাবীৰ আন্দলোন অব্যাহত ৰাখিবলৈ জে এফ আৰ ও পি এছ তথা সকলো অংশৰ শিক্ষক, শ্ৰমিক- কৰ্মচাৰীলৈ আহ্বান জনায় ।