NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশত নাবালিকা সহিতে আন ৬ গৰাকীক নিৰ্যাতন; অভিযুক্ত স্বয়ং এগৰাকী কন্যাৰ পিতৃ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 27, 2024 2:17 pm

উত্তৰ প্ৰদেশৰ বাসিন্দা এজন ব্যক্তিৰ বিৰুদ্ধে গাঁওখনৰ কেইবাগৰাকীও নাবালিকা আৰু যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সেই দৃশ্য কেমেৰাত বন্দী কৰিছিল অভিযুক্তই। ইয়াৰ পাছতে ভিডিঅ’টো ফাদিল কৰাৰ ভাবুকি দি ধন দাবী কৰা বুলি অভিযোগ উঠিছে। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মীৰুটৰ এখন স্থানীয় থানাত এফআইআৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি ৩৭ বছৰীয়া অভিযুক্তই গাঁওখনৰ মুঠ ৬গৰাকী মহিলাক যৌন নিৰ্যাতন চলাইছিল। ইয়াৰে চাৰিগৰাকী নাবালিকা। এই অভিযোগ প্ৰথম পোহৰলৈ আহিছিল ১৯ আগষ্টত। তাৰ পাছত এসপ্তাহতকৈও অধিক সময় পাৰ হৈ গ’ল যদিও অভিযুক্ত এতিয়াও পলাতক।

অভিযুক্তই গাঁওখনত এখন গেলামালৰ দোকান চলাই আছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ দোকানত কোনোবাই কিবা কিনিবলৈ আহিলে সেই ব্যক্তিজনে তেওঁলোকক ফান্দত পেলায়। অভিযুক্তই তেওঁলোকক পানীয় দিছিল। সেই পানীয়ত মাদক পদাৰ্থ মিহলি হৈছিল। ইয়াৰ পাছত অভিযুক্তই তেওঁলোকক যৌন নিৰ্যাতন চলাইছিল আৰু সেই দৃশ্য কেমেৰাত ৰাখিছিল। অভিযোগ অনুসৰি ভিডিঅ’টো পাছত মুকলি কৰাৰ ভাবুকি দি তেওঁ ধন দাবী কৰিছিল।

অভিযুক্তৰ ঘৰত তেওঁৰ মাক, পত্নী, কন্যা আৰু এজন ভতিজা আছে। বিষয়টো পোহৰলৈ অহাৰ পাছৰে পৰা অভিযুক্তই পলায়ন কৰি আহিছে। আৰক্ষীয়ে তেওঁক বিচাৰিছে। আৰক্ষীৰ মতে, বিগত ৮ দিন ধৰি কেইবাঠাইতো অভিযুক্তৰ সন্ধান চলাই আহিছে যদিও এতিয়ালৈকে তেওঁৰ কোনো সন্ধান পোৱা নাই।

মঙলবাৰে মীৰুট জিলা আৰক্ষীৰ জ্যেষ্ঠ বিষয়া কমলেশ বাহাদুৰে কয় যে, ‘এজাহাৰ দাখিল কৰাৰ পাছতে ক্ষীপ্ৰতাৰে এফআইআৰ দাখিল কৰা হয়। আমি নাবালকৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ বক্তব্যও লিপিবদ্ধ কৰা হ’ব। অভিযোগৰ ভিত্তিত আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ একাধিক স্থানত তালাচী চলাই আছোঁ। অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।”