NORTHEAST NOW (Assamese)
Popular Stories

৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2024 11:45 am

আধা ঘণ্টা ধৰি লুটপাত, খালী হৈ গ’ল গোটেইটো শ্বপিং মল। মূৰে কপালে হাত দিলে কৰ্তৃপক্ষই। কাৰণ কোনেও একো কিনা নাছিল। সকলোৱে ইচ্ছামতে লুটপাত কৰিলে। দিনৰ পোহৰত সকলোৰে সন্মুখত সংঘটিত হয় এই ডকাইতি। আনকি কোনো কোনোৱে আকৌ সেয়া মোবাইল ফোনতো ৰেকৰ্ডিং কৰিছিল। তথাপি লুটপাত বন্ধ কৰিব পৰা নগ’ল।

শ্বপিং মলত ডকাইতিৰ এই ঘটনাটো কৰাচীৰ। আৰব সাগৰৰ পাৰত পাকিস্তানৰ   কৰাচী চহৰ। পাক মূলৰ এজন প্ৰবাসী পাকিস্তানীয়ে কৰাচীত এটা শ্বপিং মল খুলিলে। খোলাৰ দিনটোত গ্ৰাহকক বিশেষ অফাৰ দিয়া হয়। দামত কম, মানত উত্তম- ধৰণৰ বিজ্ঞাপনও দিয়া হয়।

কৰাচীৰ ড্ৰিম বাজাৰ শ্বপিং মললৈ বিজ্ঞাপনটো চাই বহু লোক আহে। ভিৰ চম্ভালিব পৰা নাই। খোলাৰ দিনটোতেই ভাল বিক্ৰী হ’ব। ব্যৱসায় বাঢ়িব। ড্ৰিম বাজাৰ কৰ্তৃপক্ষই সপোন দেখিবলৈ আৰম্ভ কৰিছে। কিন্তু সেয়া ফুটুকাৰ ফেন।

লগতে পঢ়কঃ ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

শ্বপিং মললৈ অহা মানুহবোৰে নিজৰ পছন্দৰ বস্তু লৈ পলাল। কৰ্তৃপক্ষই একো কৰিব নোৱাৰিলে। ভিৰ চম্ভালিব পৰাকৈ পৰিস্থিতিয়েই নাছিল। লুণ্ঠন ৰোধ কৰাটো বহু দূৰৰ কথা। বিয়লি ৩ বজাৰ পৰা ৩:৩০ বজাৰ ভিতৰত সকলো উদং। ড্ৰিম বাজাৰৰ সপোন  ভাঙি গ’ল।

যোৱা শুকুৰবাৰৰ এই ঘটনাত পাকিস্তানত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে। আৰ্থিক সংকটত ভূগি থকা দেশখনত কেইবা কোটি টকাৰ সম্পত্তিৰ লুণ্ঠন। বীমা কোম্পানীয়ে হয়তো ক্ষতিপূৰণ দিব। তাত শ্বপিং মল কৰ্তৃপক্ষই সকাহ পাব। কিন্তু দেশখনৰ অর্থনীতিয়ে যি আঘাত পালে তাৰ পৰা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব৷ বিশেষজ্ঞসকলে তেনেকৈয়ে ভাবে।

বন্দৰ চহৰত নতুন শ্বপিং মল। বিশাল বিনিয়োগ। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু কৰ্মসংস্থাপন। স্থানীয় সংবাদ মাধ্যমৰ মতে, এই ঘটনাৰ পিছতে ড্ৰিম বাজাৰ কৰ্তৃপক্ষই ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ কৰ্মীসকলে পুনৰ চাকৰি হেৰুৱালে।