NORTHEAST NOW (Assamese)
অসম

উজনি মাজুলীত জৰাজীৰ্ণ দলং পৰিণত হৈছে মৰণফান্দত : জীয়াতু ভূগিছে গঞা ৰাইজে

Posted by: মিটু খাটনিয়াৰ May 22, 2018 3:55 pm
Majuli bamboo bridge

সুচল বাত পথেই হৈছে কোনো এটা অঞ্চলৰ উন্নয়নৰ প্ৰধান মাপ কাঠি। এনেস্থলত মাজুলীৰ ভিতৰুৱা অঞ্চল সমূহৰ লগত সংযোগী জৰাজীৰ্ণ বাত পথ আৰু দূৰ্বল বাহৰ দলঙে জীয়াতু ভূগাইছে অঞ্চলবাসীক।

উজনি মাজুলীৰ ভকতিদুৱাৰ-চিৰাম দেউৰী আৰু চিৰাম দেউৰীৰ পৰা মুদৈবিল সংযোগী দলং দুখনৰ দুই মূৰ আজিও নিৰ্মাণ নোহোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী।

ভকতিদুৱাৰ-চিৰাম দেউৰী পথত থকা পকী দলঙৰ দুই মূৰ যোৱা বছৰ বানে উটুৱাই নিয়াৰ পিছত গাঁওবাসীয়ে যাতায়াত কৰিব পৰাকৈ দলঙৰ দুই মূৰে বাহৰ দলং বনাই লৈছিল যদিও এতিয়া বাহৰ দলংখন ভাগি ছিগি জৰাজীৰ্ণ হৈ পৰাত বহু ছাত্ৰ ছাত্ৰী তথা বাটৰুৱা সঘনাই দূৰ্ঘটনাত পতিত হৈ আহিছে।

এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো এই ছিগা অংশ নিৰ্মাণ নোহোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। আনহাতে চিৰাম দেউৰীৰ পৰা মূদৈবিলৰ মাজৰ ছিগা অংশত নিৰ্মাণৰত কাঠৰ দলংখন আজি এবছৰে সম্পূৰ্ণ হৈ নুথাত সমস্যাৰ সন্মুখীন হৈছে উজনি মাজুলীবাসী।