NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

পাকস্থলীৰ কৰ্কটৰোগ : ডাঃ বিক্ৰম কুমাৰ ডেকা

Posted by: ডাঃ বিক্ৰম কুমাৰ ডেকা Updated by: ডাঃ বিক্ৰম কুমাৰ ডেকা September 5, 2024 11:13 am

আজি পাকস্থলীৰ কৰ্কটৰোগৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছোঁ৷ এইবিধ কৰ্কটৰোগ পাকস্থলীৰ ভিতৰত থকা কোষৰ তৰপত আৰম্ভ হয়। পাকস্থলী বুলি কওঁতে ইয়াত নিৰ্দ্দিষ্টকৈ আমাৰ উদৰৰ ওপৰ অংশৰ বাওফালে অৱস্থিত খাদ্য পাচন কৰা অংগটোৰ কথা কোৱা হৈছে। ই খাদ্যনলীৰেই এক অংশ। আমাৰ খাদ্যনলীডাল মুখৰ পৰা পায়ুলৈকে বিভিন্ন পাক থকা এক ফোপোলা অংশ। মুখগহ্বৰৰ পিছত ডিঙিৰ পৰা পেটলৈকে খাদ্য যোৱা অংশক ইছ’ফেগাছ বোল হয়৷ এই অংশত হোৱা কৰ্কটৰোগা বিষয়ে পূৰ্বৰ লিখাত আলোচনা কৰা হৈছে। খাদ্যনলীডালৰ অংশবোৰৰ পৰ্যায়ক্ৰমে আমি গ্ৰহণ কৰা খাদ্য হজম হয়। পাকস্থলীৰ কৰ্কটৰোগ উদৰৰ অভ্যন্তৰভাগৰ শ্লেষ্মা প্ৰস্তুত কৰা কোষৰ তৰপত সৃষ্টি হয়। এই ৰোগৰ প্ৰায়বোৰ প্ৰকাৰকে এডেন’কাৰ্চিন’মাৰ অন্তৰ্গত বুলিব পাৰি।

প্ৰথমে আহিছো,এনে কিছুমান কাৰকৰ বিষয়ে জনাবলৈ,যাৰ ফলত পাকস্থলীৰ কৰ্কটৰোগ হোৱাৰ বিপদশংকা অধিক বৃদ্ধি পায়। ইয়াৰে কেইটিমান কাৰক হৈছে-

১) হেলিক’বেক্টাৰ পাইল’ৰি বা এইচ পাইলৰিঃ-হেলিক’বেক্টাৰ পাইল’ৰি বা এইচ পাইল’ৰি হৈছে পাকস্থলীৰ হোৱা এবিধ সংক্ৰমক ৰোগ। পাকস্থলীৰ কৰ্কটৰোগৰ এক বৃহৎ তথা বিপদজনক কাৰক  হৈছে দীৰ্ঘদিনীয়া পাকস্থলীৰ শ্লেষ্মাৰ কোষৰ তৰপত হোৱা হেলিক’বেক্টাৰ পাইল’ৰিৰ সংক্ৰমণ। এই সংক্ৰমণ এজন মানুহৰ পৰা আন এজনলৈ লালটি,বমি আৰু শৌচৰ দ্বাৰা বিয়পিব পাৰে। এইচ পাইল’ৰিৰ উপযুক্ত চিকিৎসাই পাকস্থলীৰ কৰ্কটৰোগ হোৱাত বাধা দিয়ে।

২) ক্ৰ’নিক এট্ৰ’ফিক গেষ্ট্ৰাইটিছঃ-এইবিধ গেষ্ট্ৰাইটিছ হৈছে পাকস্থলীৰ কৰ্কটৰোগৰ এক অন্যতম কাৰক৷ দীৰ্ঘকাল জুৰি হৈ থকা পেটৰ প্ৰদাহৰ ফলত পাকস্থলী বাহ্যিক তৰপটো পাতল হৈ পৰে আৰু ই কৰ্কটৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

৩) এট্ৰ’ফিক গেষ্ট্ৰাইটিছ উইথ ইন্টেষ্টিনেল মেটাপ্লাজিয়াঃ- পাকস্থলীৰ কোষৰ যি তৰপ থাকে,সেই তৰপৰ ঠাইত খাদ্যনলীৰ কোষৰ তৰপৰ সৃষ্টি হৈ এই কাৰক উদ্ভৱ হয়৷

৪) ইপষ্টেইন বাৰ ভাইৰাছ ইনফেকচন : এইবিধ ভাইৰাছ সংক্ৰমণ পাকস্থলীৰ কৰ্কটৰ আন এক কাৰক৷

৫) পাৰ্নিচিয়াচ এনিমিয়াঃ-ই এনে এক স্বাস্থ্যৰ অৱস্থা য’ত খাদ্যনলীয়ে খাদ্যৰ পৰা ভিটামিন বি-১২ শুহিব নোৱাৰা হয়। যাৰফলত তেজত ৰঙা কোষ বা লোহিত ৰক্ত কণিকাৰ অভাৱ ঘটে।

৬) মেদবহুলতাঃ-অত্যধিক ওজনেও পাকস্থলীৰ কৰ্কটৰোগত অৰিহণা যোগাব পাৰে।

৭) গেষ্ট্ৰ’ইছ’ফেগাল ৰিফ্লাক্স ডিজিজঃ-স্বাস্থ্যৰ এই অৱস্থাত বাৰে বাৰে পাকস্থলীৰ পাচক ৰস ইছ’ফেগাছ অংশলৈ উজাই আহে। ইয়ো পাকস্থলীৰ কৰ্কটৰোগৰ এক কাৰক হ’ব পাৰে।

  ইয়াৰ উপৰিও,বংশ বা পৰিয়ালগত কিছু কাৰকৰ বাবেও  পাকস্থলীৰ কৰ্কটৰোগ হ’ব পাৰে। যেনে নিকটাত্মীয়(পিতৃ-মাতৃ,ককাই-বাই, ভাই-ভনী বা সন্তান)ৰ  পাকস্থলীৰ কৰ্কটৰোগ হ’লে সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ লগতে আৰু বিভিন্ন পৰিয়ালজনিত ৰোগ তথা পৰিয়ালজনিত কৰ্কটৰোগৰ ফলতো পাকস্থলীৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাই। গতিকে পৰিয়ালৰ কাৰোবাৰ পাকস্থলীৰ কৰ্কটৰোগ থাকিলে,নিকটাত্মীয়সকল সচেতন হোৱা দৰকাৰ।

  এতিয়া আহিছোঁ পাকস্থলীৰ কৰ্কটৰোগৰ লক্ষণসমূহৰ দিশলৈ। সাধাৰণতে,পাকস্থলীৰ কৰ্কটৰোগৰ আৰম্ভণিতে কোনো লক্ষণে দেখাই নিদিয়ে। লক্ষণে দেখা দিয়ে এই ৰোগ বিয়পি পৰাৰ পিছতহে। তথাপিও প্ৰাৰম্ভিক পৰ্যায়ত তলত দিয়া লক্ষণসমূহে দেখা দিব পাৰে। যেনেঃ-

১) বদহজম আৰু পেট উগুল-থুগুল লগা,

২) খোৱাৰ পিছত পেট ফুলি যোৱা যেন অনুভৱ কৰা,

৩) সামান্য বমিভাৱ,

৪) খাদ্যৰ প্ৰতি অৰুচি,

৫) বুকু জ্বলা-পোৰা কৰা।

   এতিয়া আহিছোঁ পাকস্থলীৰ কৰ্কটৰোগৰ এডভান্সড পৰ্যায়লৈ। অৰ্থাৎ যি পৰ্যায়ত পাকস্থলীৰ বাদেও এই কৰ্কটৰোগ দেহৰ অন্য অংশলৈয়ো বিয়পি পৰে৷ এই পৰ্যায়ৰ তলত দিয়া লক্ষণসমূহে দেখা দিব পাৰে৷

১) শৌচত তেজ যোৱা,

২) বমি,

৩) কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস হোৱা,

৪) পেটৰ বিষ,

৫) জণ্ডিচ,

৬) এচাইটিছ(পেটত জুলীয়া পদাৰ্থ জমা হোৱা),

৭) খাদ্য গিলোতে অসুবিধা হোৱা ইত্যাদি।

   অৱশ্যে এই লক্ষণসমূহ পাকস্থলীৰ কৰ্কটৰোগৰ বাদে আন কাৰণতো হ’ব পাৰে। এতিয়া আহিছো এই কৰ্কটৰোগ কিদৰে ধৰা পেলাব পাৰি বা ইয়াৰ পৰীক্ষণৰ দিশলৈ। বিভিন্ন প্ৰকাৰে এই পৰীক্ষণ কৰা যায়। তেনে কেইটিমান হৈছে-

১) আপাৰ এণ্ড’স্ক’পিঃ-এই প্ৰক্ৰিয়াত খাদ্যনলীৰ ইছ’ফেগাছ,পাকস্থলী বা ষ্টমাক আৰু ডুৱডেনাম অংশৰ পৰীক্ষা কৰা হয়। মুখেৰে সৰু পাইপ এডাল ভিতৰলৈকে ভৰাই দিয়া হয়,যিডাল পাইপৰ মুখত কেমেৰা সংযুক্ত থাকে আৰু ই সকলো অংশৰ ছবি লয়৷ চিকিৎসকে কম্পিউটাৰত ছবিবোৰ নিৰীক্ষণ কৰে৷ এই পৰীক্ষণৰ দ্বাৰা এইখিনি অংশৰ মাজত যিকোনো ধৰণৰ অস্বাভাৱিকতাক ধৰা পেলাব পাৰি। এই প্ৰক্ৰিয়াত পেটৰ ভিতৰৰ সামান্য কোষিকাও পৰীক্ষা কৰিবৰ বাবে বাহিৰলৈ আনিব পাৰি।

২) বেৰিয়াম এক্স-ৰেঃ-এইবিধ পৰীক্ষণত ৰোগীক বেৰিয়াম পাউদাৰ(এবিধ মেটেলিক বগা পাউদাৰ বা গুৰি)পানীত মিহলাই খাবলৈ দিয়া হয়। আৰু খোৱাৰ পিছত দেহৰ সেই নিৰ্দ্দিষ্ট অংশৰ এক্স-ৰে লোৱা হয়। ইছ’ফেগাছ আৰু পাকস্থলীৰ পৰা বেৰিয়াম পাউদাৰৰ তৰপে ৰোগ ধৰা পেলোৱাত সহায়ক হয়।

৩) চি টি স্কেনঃ-এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত এটি কম্পিউটাৰৰ লগত সংযুক্ত এক্স-ৰে মেচিনৰ দ্বাৰা দেহৰ ভিতৰৰ ভিন্ন অংগৰ পুংখানুপুংখভাৱে আৰু ধাৰাবাহিকভাৱে বহুখিনি চিত্ৰ লোৱা যায়। প্ৰয়োজনত বেজীৰ মাধ্যমেৰে পৰীক্ষা কৰিব লগীয়া অংশত দৰৱৰ প্ৰয়োগ কৰি বা মুখেৰে দৰৱ খুৱাই নিৰ্দ্দিষ্ট অংগবোৰৰ ছবি অধিক স্পষ্ট কৰি তুলিব পৰা যায়।

৪) বায়’মাৰ্কাৰ টেষ্টিঙঃ-এইবিধ পৰীক্ষণত ৰোগীজনৰ  জিন,প্ৰটিন আৰু দেহৰ অন্যান্য পদাৰ্থৰ পৰীক্ষা কৰা হয়। কোনো পৰীক্ষণ প্ৰক্ৰিয়াত বা অস্ত্ৰোপচাৰৰ সময়ত পেটৰ সামান্য কোষিকাক উলিয়াই আনি পৰীক্ষা কৰা যায়।

   এইসমূহ পৰীক্ষাত ৰোগীৰ পাকস্থলীৰ কৰ্কটৰোগ ধৰা পৰিলে, এই ৰোগ কোন স্তৰত আছে তাক জানিবলৈয়ো ভিন্ন পৰীক্ষা কৰা হয়। এনে কেইটামান পৰীক্ষা হৈছে-

১) এণ্ড’স্ক’পিক আলট্ৰাচাউণ্ডঃ-এই পৰীক্ষণ প্ৰক্ৰিয়াত পূৰ্বে উল্লেখ কৰাৰ দৰে এণ্ড’স্ক’পিৰ লগতে উচ্চ তৰংগৰ শব্দৰ(আলট্ৰাচাউণ্ড)প্ৰয়োগ কৰা হয়।

২) এম আৰ আই উইথ গেড’লিনিয়ামঃ-ই এক চুম্বকীয় পৰীক্ষণ প্ৰক্ৰিয়া,য’ত এটি চুম্বক,ৰেডিঅ’ তৰংগ আৰু কম্পিউটাৰৰ ব্যৱহাৰেৰে নিৰ্দ্দিষ্ট অংশৰ পুংখানুপুংখ ছবি গ্ৰহণ কৰা হয়। লগতে সিৰাত গেড’লিনিয়াম নামৰ পদাৰ্থ প্ৰয়োগ কৰা হয়। ই কৰ্কটৰোগৰ কোষসমূহক অধিক স্পষ্ট কৰি তোলে।

৩) লেপাৰ’স্ক’পীঃ-এইবিধ হৈছে এবিধ অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া,য’ত পেটত সৰু সৰু ফুটা কৰি,লেপাৰ’স্ক’পি(অৰ্থাৎ এডাল মিহি,লাইট লগোৱা পাইপ)পেটৰ ভিতৰলৈ সুমুৱাই দি ৰোগ সম্পৰ্কে উমান লোৱা যায়। লেপাৰ’স্ক’পীৰ জড়িয়তে আন অস্ত্ৰোপচাৰ বা বায়’পছিৰ বাবে কোষিকাও লব পৰা যায়।

৪) পেট চি টি স্কেনঃ-এই পৰীক্ষণ প্ৰক্ৰিয়াত পেট স্কেন আৰু চি টি স্কেন দুয়োবিধৰে মাধ্যমেৰে নিৰ্দ্দিষ্ট অংশৰ ছবি লোৱা হয়। এনেদৰে একেলগে একেসময়তে দুয়োবিধ পৰীক্ষা কৰিলে,অধিক স্পষ্টৰূপত কৰ্কটৰোগৰ কোষ ধৰা পেলাব পাৰি।

   ৰোগৰ স্তৰ ধৰা পৰাৰ পিছত ৰোগৰ কিদৰে চিকিৎসা কৰিব পাৰি,সেই বিষয়ে কিছু আলোচনা কৰা হওক। স্তৰভেদে পাকস্থলীৰ কৰ্কটৰোগৰ চিকিৎসা ভিন ভিন হয়। যেনেঃ-

১) কাৰ্চিন’মা ইন চিটুঃ- কাৰ্চিন’মা ইন চিটু একেবাৰে  প্ৰাৰম্ভিক স্তৰত কৰা চিকিৎসা৷ এই প্ৰক্ৰিয়াত গেষ্ট্ৰেক্ট’মী নামৰ এক অস্ত্ৰোপচাৰ কৰা হয় যাৰ জড়িয়তে সমগ্ৰ ষ্ট’মাক অংশটোৰ লগতে কাষৰ লসিকা গ্ৰন্থিসমূহো গুচাই পেলোৱা হয়। লগতে এণ্ড’স্ক’পিক মিউক’ছেল ৰিচেকচনত অস্ত্ৰোপচাৰ নকৰাকৈ খাদ্যনলীত সৃষ্টি হোৱা কোষৰ অস্বাভাৱিক বৃদ্ধিক গুচাই দিয়া হয়।

২) স্তৰ-১ঃ-পাকস্থলীৰ কৰ্কটৰোগৰ প্ৰথম স্তৰটোত গেষ্ট্ৰেক্ট’মী প্ৰধান চিকিৎসা ৰূপে মনা যায়। কিছু ৰোগীক অস্ত্ৰোপচাৰৰ আগত বা পিছত কেম’থেৰাপী অথবা ৰেডিয়েচন থেৰাপীও দিয়া যায়। ৰেডিয়েচন থেৰাপী দিয়াৰ সময়তে কেম’থেৰাপী দিলে ৰেডিয়েচন থেৰাপীয়ে অধিক সক্ৰিয়ভাৱে কাম কৰে।

৩) স্তৰ ২আৰু স্তৰ ৩ঃ-এই দুবিধ পৰ্যায়তো প্ৰথমে গেষ্ট্ৰেক্ট’মী অস্ত্ৰোপচাৰ প্ৰধান চিকিৎসা। ইয়াৰ লগতে স্তৰ ১ ৰ দৰে এই অস্ত্ৰোপচাৰৰ আগত বা পিছত কেম’থেৰাপী আৰু ৰেডিয়েচন থেৰাপী দিয়া হয়। স্তৰ ১ ৰ দৰে দুয়োবিধ একেলগে দিলে ৰেডিয়েচন থেৰাপীয়ে অধিক সক্ৰিয়ভাৱে কাম কৰে।

৪) চতুৰ্থ স্তৰঃ- পাকস্থলীৰ কৰ্কটৰোগৰ এই স্তৰ (বা আন যিকোনো স্তৰৰ লগতে বাৰম্বাৰ হোৱা পেটৰ কৰ্কটৰোগৰ ক্ষেত্ৰতো) যদিহে পাকস্থলীৰ কৰ্কট ৰোগাক্ৰান্ত অংশ অস্ত্ৰোপচাৰৰে গুছাই পেলাব পৰা নেযায়,তেতিয়া ৰোগীগৰাকীক পেলিয়েটিভ থেৰাপী দিয়া হয়। পেলিয়েটিভ থেৰাপীত জীৱনৰ শংকা থকা ৰোগত আক্ৰান্ত ৰোগীৰ জীৱনচৰ্যা উন্নিত কৰা হয়। পেলিয়েটিভ থেৰাপীৰ লগত কেম’থেৰাপী আৰু ৰেডিয়েচন থেৰাপীও দিব পৰা যায়,যিয়ে ৰোগীক অলপ সকাহ দিয়াত সহায়ক হয়।

এতিয়া আহিছোঁ পাকস্থলীৰ কৰ্কটৰোগক আমি কিদৰে বাধা দিব পাৰোঁ, সেই দিশলৈ। তেনে কেইটিমান প্ৰতিৰোধক নিয়ম তলত দিয়া হ’ল-

১) সমীক্ষা অনুসৰি ধূম্ৰপানৰ ফলত পাকস্থলীৰ কৰ্কটৰোগ সৃষ্টি হ’ব পাৰে। গতিকে ধূম্ৰপান পৰিত্যাগ কৰিলে এই ৰোগৰ পৰা বাচি থকাৰ সম্ভাৱনা বৃদ্ধি পায়।

২) পূৰ্বে উল্লেখ কৰাৰ দৰে হেলিক’বেক্টাৰ পাইল’ৰি ৰোগৰ সংক্ৰমণৰ ফলতো  পাকস্থলীৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ চিকিৎসা সম্ভৱ। উপযুক্ত সময়ত এই সংক্ৰমণৰ সঠিক চিকিৎসা কৰিলে, পাকস্থলীৰ কৰ্কটৰোগৰ পৰা হাত সাৰি থকাৰ সম্ভাৱনা অধিক থাকে। অৱশ্যে ধূম্ৰপান কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই ৰোগৰ চিকিৎসা কিছু পৰিমাণে কম ফলপ্ৰসূ হোৱা দেখা যায়।

৩) ডায়েটৰি চাপ্লিমেন্টছঃ-পাকস্থলীৰ বা গেষ্ট্ৰিক কেন্সাৰ আৰু খাদ্যৰ পৰা অৰ্থাৎ মূলতঃ ফল-মূল আৰু পাচলিৰ পৰা পোৱা এন্টিঅক্সিডেন্টৰ মাজত এক বিশেষ সম্পৰ্ক আছে। বেটা কেৰটিন,ভিটামিন এ,চি,ই আৰু চিলেনিয়াম পৰ্যাপ্ত মাত্ৰাত শৰীৰে পাই থাকিলে পাকস্থলীৰ কৰ্কটৰোগৰ পৰা হাত সাৰি থকাত সহায়ক হয়।

৪) লগতে খাদ্যৰ জড়িয়তে অত্যধিক নিমখ দেহক যোগান ধৰাও পাকস্থলীৰ কৰ্কটৰোগৰ আন এক কাৰক। গতিকে অপ্ৰয়োজনীয়ভাৱে নিমখৰ ব্যৱহাৰ নকৰিব বা পৰিমিত মাত্ৰাত নিমখ খাব।

পাকস্থলীৰ কৰ্কটৰোগৰ যিকোনো লক্ষণ দেখা পোৱা যেন ততালিকে চিকিৎসকৰ ওচৰ চাপক।

পাকস্থলীৰ কৰ্কটৰোগ : ডাঃ বিক্ৰম কুমাৰ ডেকা
(কৰ্কট ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫