NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশত কুকুৰনেচীয়াৰ আতংক! ২৫ জনতকৈ অধিক লোকক আক্ৰমণ,মৃত্যু ৩ বছৰীয়া কিশোৰীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 6, 2024 12:48 pm

উত্তৰ প্ৰদেশৰ বাহৰেইচত ২৫ জনতকৈ অধিক লোক আহত কৰি স্থানীয় ৰাইজক টোপনিৰ পৰা বঞ্চিত কৰিছে কুকুৰনেচীয়াই। কিছুদিন পূৰ্বে মৃত্যু হৈছিল এগৰাকী ৩ বছৰীয়া কিশোৰীৰ। আৰু এইবাৰ নৰভক্ষী কুকুৰনেচীয়াটোৱে ১২ বছৰীয়া ল’ৰা এজনক আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নাবালকজন নিজৰ কোঠাত শুই আছিল। হঠাৎ এটা কুকুৰনেচীয়া ঘৰত সোমাই ডিঙিত কামুৰি টানি লৈ যাবলৈ চেষ্টা কৰিলে। প্ৰচণ্ড চিঞৰ-বাখৰত নাবালকৰ বাকী পৰিয়ালৰ লোক সতৰ্ক হয়। হুলস্থুল হোৱাৰ ফলত কুকুৰনেচীয়াটো পলাই যায়। এই ঘটনাত নাবালকজন গুৰুতৰভাৱে আহত হয়। কিন্তু সকাহৰ খবৰ, তেওঁৰ অৱস্থা সংকটজনক নহয়।

উত্তৰ প্ৰদেশৰ বন বিভাগে নৰভক্ষী ধৰিবলৈ আৰম্ভ কৰিছে ‘অপাৰেচন ভেৰিয়া’। যদিও চাৰিটা কুকুৰনেচীয়া ধৰা পৰিল, বাকী দুটা কুকুৰনেচীয়দ ধৰিবলৈ বন বিভাগৰ বিষয়াসকলে এক নতুন পন্থা অৱলম্বন কৰিলে। চিনেমাৰ দৰে পুতলা কিনি শিশুৰ প্ৰস্ৰাৱত তিয়াই ফান্দ পাতিছে। ইয়াৰ উপৰিও থাৰ্মেল ড্ৰ’নেৰে কুকুৰনেচীয়াকেইটাক নিৰীক্ষণ কৰা হৈছে।

এসময়ত মোদী চৰকাৰৰ ‘ৰাষ্ট্ৰীয় চিতা একচন প্লেন’ৰ মুৰব্বী বন্যপ্ৰাণী বিশেষজ্ঞ যদুবেন্দ্ৰনাথ ঝালাই অৱশ্যে ভাবে যে এই কাম হয়তো কুকুৰনেচিয়াৰ নহয়। তেওঁৰ মতে কুকুৰনেচীয়া লাজুকীয়া জীৱ। মানুহৰ ওপৰত আক্ৰমণ কম। কিন্তু এতিয়া কিয় এনেকুৱা হৈছে? বন বিভাগৰ দাবী, পহুৰ জাকটোক মানুহে কোনো ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। তাৰ বাবে ‘প্ৰতিশোধ’ লৈছে। কুকুৰনেচীয়া ধৰিবলৈ ইতিমধ্যে ২২টা দল গঠন কৰা হৈছে। সেই দলটোত চিকাৰী আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলো অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ড্ৰ’ন, নাইট ভিজনকে ধৰি বিভিন্ন আধুনিক সা-সঁজুলিৰে কুকুৰনেচীয়া নিৰীক্ষণ কৰা হৈছে।