NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীত গাড়ী ৰখাই মূৰত বন্দুক থৈ মাত্ৰ ৩৮ ছেকেণ্ডতে লুটি নিলে লক্ষাধিক টকা; চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 26, 2023 7:30 pm

ঠিক যেন ৱেব ছিৰিজৰ দৰে! ৰাজধানী দিল্লীৰ ৰাজহুৱা ঘাইপথত ৪ জন মটৰবাইক আৰোহীয়ে এখন চলন্ত গাড়ী ৰখাই চালক আৰু আৰোহীৰ মূৰত বন্দুক ৰাখি বেগৰ সৈতে লক্ষাধিক টকা লুটি লৈ যায়। ঘটনাৰ সময়ত সেই পথত আন বাহনসমূহো চলি আছিল। কিন্তু, সেই গাড়ীবোৰ এবাৰৰ বাবে নৰ’ল। মাথো উপেক্ষা কৰি পাৰ হৈ গ’ল। কোনো আৰক্ষীও নাছিল। চিনেমাৰ শৈলীৰ এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দিল্লীৰ প্ৰগতি ময়দান টানেলত।

আৰক্ষীয়ে জনোৱা মতে, এখন গাড়ীত টকা ভৰ্তি বেগ কঢ়িয়াই লৈ গৈ আছিল এজন ডেলিভাৰী এজেণ্ট আৰু তেওঁৰ সহযোগী। অভিযোগ অনুসৰি ৪টা দুষ্কৃতিকাৰীয়ে মটৰবাইকত আহি প্ৰগতি ময়দান টানেলত গাড়ী ৰখাই ১.৫ৰ পৰা ২ লাখ টকাৰ বেগ লুটি লৈ যায়।

লগতে পঢ়ক: পৰকীয়াৰ পৰিণতি! পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে

গাড়ীখনৰ চালক আৰু যাত্ৰীজনৰ মূৰত বন্দুক ৰাখি টকা ভৰ্তি বেগটো লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে। যোৱা ২৪ জুন অৰ্থাৎ শনিবাৰে সংঘটিত হৈছিল এই ঘটনা। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে। অভিযুক্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

দিল্লীৰ ৰাজপথত চিনেমাৰ ষ্টাইলত টকা ভৰ্তি বেগ ডকাইতিৰ ঘটনাটো চিচিটিভিৰ ফুটেজত ধৰা পৰিছে। অভিযুক্তই মটৰবাইকত উঠি গাড়ীখন ৰখাই টকা ভৰ্তি বেগটো লৈ পুনৰ বাইকেৰে উধাও হৈ যাবলৈ মাত্ৰ ৩৮ ছেকেণ্ড সময় লাগিছিল। অভিযুক্তই মুখখন হেলমেটেৰে ঢাকি ৰাখিছিল। ফলত তেওঁলোকক চিনাক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে অভিযুক্তক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে মহিলাৰ সুৰক্ষা সন্দৰ্ভত বাৰে বাৰে বাতৰিৰ শিৰোনামত দিল্লীৰ নাম আহিছে। এইবাৰ দিল্লীৰ ৰাজপথত যি ধৰণে টকা লুটি নিয়া হৈছে, সেয়া অৱশ্যেই এক শিহৰণকাৰী ঘটনা।