NORTHEAST NOW (Assamese)
অসম

বিশ্বকৰ্মা পূজাৰ পিছদিনাই ভয়ংকৰ দুৰ্ঘটনা :  দুখন বাছৰ মুখামুখি সংঘৰ্ষত আহত ৩০ জনতকৈ অধিক লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2024 10:35 am

এক ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে।

সূত্ৰ অনুসৰি, AS-01LC-9478 নম্বৰৰ এখন বাছ গুৱাহাটী অভিমুখে আহি থকাৰ বিপৰীতে AS-01KC-9799 নম্বৰৰ আনখন বাছ গোৱালপাৰালৈ গৈ থকা অৱস্থাত দুয়োখন বাছৰে মুখামুখি সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত ভালেমান যাত্ৰী আহত হোৱা বুলি খবৰ পোৱা গৈছে।

দুৰ্ঘটনাৰ পিছত আহতসকলক চিকিৎসাৰ বাবে মিৰ্জা আৰু ৰামপুৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

আহতসকলৰ ভিতৰত দুয়োখন বাছৰ চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

(সম্পূৰ্ণ খবৰলৈ অপেক্ষা কৰক)