NORTHEAST NOW (Assamese)
Popular Stories

মাটি আৰু টকাৰ বিনিময়ত ৰেল’ৱেৰ চাকৰি! বিপদত লালুপুত্ৰ তেজপ্ৰতাপ যাদৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2024 6:19 pm

লালু প্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত চাকৰিৰ বিনিময়ত মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰত আদালতে লালুপুত্ৰ তেজপ্ৰতাপৰ বিৰুদ্ধে চমন জাৰি কৰিছিল। তেজ প্ৰতাপক অহা ৭ অক্টোবৰত দিল্লী ৰাউজ এভিনিউ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

যোৱা বুধবাৰে ইডিয়ে এই গোচৰৰ আদালতত পৰিপূৰক অভিযোগনামা দাখিল কৰে। যাৰ ভিত্তিত আদালতে লালুপ্ৰসাদ যাদৱ, তেজস্বী যাদৱ, তেজ প্ৰতাপকে ধৰি মুঠ ৮ জন লোকক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৭ অক্টোবৰত। অভিযুক্তক একেদিনাই হাজিৰ হ’বলৈ কোৱা হৈছে। প্ৰথমবাৰৰ বাবে এই গোচৰৰ চমন সন্দৰ্ভত আদালতে তেজ প্ৰতাপক অৱগত কৰিছে, এই দুৰ্নীতিৰ লগত তেজ প্ৰতাপ যাদৱ জড়িত হোৱাটো নুই কৰিব নোৱাৰি, তেওঁ এ কে ইনফ’ছিছ লিমিটেডৰ সঞ্চালকো আছিল।

মন কৰিবলগীয়া যে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ লালু প্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী আছিল। অভিযোগ অনুসৰি এই সময়ছোৱাত মাটি আৰু ধনৰ বিনিময়ত বিহাৰৰ বহু যুৱকক ৰে’লৱেৰ গ্ৰুপ ডি পদত নিযুক্তি দিয়া হৈছিল। লালু আৰু তেজস্বীৰ উপৰিও লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল। ইটোৰ পিছত সিটো অভিযোগৰ বাবেই ইডিয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিলে। তদন্তকাৰীয়ে দাবী কৰিছে যে চাকৰিৰ বিনিময়ত বহু যুৱকৰ পৰা মাটি লোৱা হৈছিল। লালুৰ পৰিয়ালৰ সদস্য আৰু ‘এ কে ইনফ’চিষ্টেমছ’ কোম্পানীটোৰ নামত মাটিখিনিৰ তেওঁলোক মালিক আছিল।

ইডিৰ লগতে চিবিআইয়ে কিছু বছৰৰ পূৰ্বে এই ঘটনাৰ তদন্তত যোগদান কৰিছিল ২০২৩ চনৰ জুলাই মাহত চিবিআইয়ে ইতিমধ্যে লালু, ৰাবৰি আৰু তেজস্বীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। বলবৎকাৰী সঞ্চালকালয়ে প্ৰমাণ হিচাপে দাখিল কৰা ৯৬টা নথিৰ ভিত্তিত ৬ আগষ্টত ১১জন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰে। এতিয়া এই গোচৰত পোহৰলৈ আহিল লালুৰ পুত্ৰ তেজ প্ৰতাপৰ সংযোজন।