NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় দিনা প্ৰথম ইনিংছত ৩৭৬ৰানত অল আউট ভাৰত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2024 11:49 am

ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে টেষ্টত খেলিছে বাংলাদেশে। সেই মেচখনত হাছান মাহমুদে ৫টা উইকেট দখল কৰিছে। বাংলাদেশৰ যুৱ পেচাৰৰ লগতে তাস্কিন আহমেদেও দৃষ্টি আকৰ্ষণ কৰে। দুয়োজন পেচাৰৰ দমনীয় প্ৰদৰ্শনৰ বাবে ভাৰতে ৪০০ ৰান কৰিব নোৱাৰিলে।

চেন্নাই টেষ্টৰ দ্বিতীয় দিনা প্ৰথম এঘণ্টাতে ৪টা উইকেট হেৰুৱায় টীম ইণ্ডিয়াই। ভাৰতৰ ইনিংছ শেষ হয় ৩৭৬ ৰানত। পূর্বৰ দিনা দ্রুত বেটিং কৰাৰ পাছতো দ্বিতীয় দিনা ৰবীন্দ্র জাদেজাই শতক অর্জন কৰিব নোৱাৰিলে৷

প্ৰথম দিনৰ শেষত ৬ টা উইকেট হেৰুৱাই ভাৰতৰ স্ক’ৰ আছিল ৩৩৯। ঘৰুৱা খেলপথাৰ চিপকত শতক অৰ্জন কৰে অশ্বিনে। প্ৰথম দিনটোৰ শেষত জাডেজাই ৮৬ ৰান সংগ্ৰহ কৰি বেটিং কৰিছিল। কিন্তু দ্বিতীয় দিনৰ আৰম্ভণিতে তেওঁ সেই স্ক’ৰতে আউট হৈ ওলাই আহিল। তাস্কিনে তেওঁৰ উইকেট লয়। অলপ পিছতে অশ্বিনো আউট হয়। আকাশ দীপে ১৭ ৰান কৰি পেভিলিয়নলৈ উভতি আহে। তিনিওজনকে দ্বিতীয় দিনা তাস্কিনে আউট কৰে।

ভাৰতৰ দশম উইকেটটো দখল কৰে হাছান মাহমুদে। প্ৰথম দিনাই ৰোহিত শৰ্মা-বিৰাট কোহলী তেওঁৰ গতিত পৰাজিত হৈছিল। দ্বিতীয় দিনা যুৱ পেচাৰ গৰাকীৰ বলি হ’ল যশপ্ৰীত বুমৰাহ। এইবাৰ টেষ্টত অভিষেক ঘটোৱা হাছানে ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত এটা ইনিংছত ৫টা উইকেট দখল কৰিছিল। এইবাৰ ভাৰতৰ মাটিত এটা ইনিংছত ৫টা উইকেট দখল কৰিলে। একেৰাহে দুখন টেষ্টত এটা ইনিংছত ৫টা উইকেট দখল কৰা যুৱ পেচাৰগৰাকীক লৈ উৎফুল্লিত হৈ পৰিছে বাংলাদেশৰ ক্ৰিকেট মহল।

অৱশ্যে বেটিং কৰিবলৈ আহি বাংলাদেশে ভাল আৰম্ভণি কৰিব পৰা নাই। বুমৰাহ-চিৰাজৰ গতিৰ সন্মুখত অ’পেনাৰ দুজন শংকিত থকা দেখা গৈছিল। প্ৰথম অভাৰতে বুমৰাহে ছাদমান ইছলামৰ উইকেট দখল কৰে। এতিয়া ক্ৰীজত আছে অধিনায়ক নাজমুল হোছেইন শান্তো আৰু জাকিৰ হাছান।