NORTHEAST NOW (Assamese)
অসম

পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ অভিলেখ : বিশ্বনাথত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানৰ প্ৰতিমূৰ্তি দাহ আছুৰ

Posted by: কাজী জেইদুল ইছলাম May 23, 2018 4:59 pm
aasu biswanath protest

দেশত অভিলেখ সৃষ্টি কৰি যোৱা কিছুদিন ধৰি প্ৰতিদিনে হৈ থকা পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বিশ্বনাথটো সদৌ অসম ছাত্ৰ সন্থা ( AASU )ৰ উদ্যোগত বিভিন্ন সংগঠনে যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি দুই শতাধিক আছু কৰ্মীয়ে বিশ্বনাথৰ আকাশ-বতাহ কঁপাই তোলে।

কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাঃ সম্পাদক দুলদুল বৰকটকী, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহঃ সাঃ সম্পাদক মঃ আজমট শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰূপম দাস, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সাঃসম্পাদক ভাস্কৰ চমুৱা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত সোনা, নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা সম্পাদক সংগল গয়াৰী, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা মংগল বে, সাধাৰণ সম্পাদক জয়ন্তী ইংতিকে আদি কৰি বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।