NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

গঢ়ি তুলিছে মগজুৰ দৰে ‘কৃত্ৰিম স্নায়ু নেটৱৰ্ক’ : দুই বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 9, 2024 8:32 am

জন হোপফিল্ড আৰু জিঅ’ফ্ৰে হিণ্টন নামৰ দুগৰাকী বিজ্ঞানী লাভ কৰিছে ২০২৪ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাকৃত্ৰিম স্নায়ু নেটৱৰ্ককে ধৰি মেচিন লাৰ্নিঙৰ মৌলিক আৱিষ্কাৰৰ বাবে এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে বুলি মঙলবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে প্ৰকাশ কৰিছে।

হোপফিল্ড আমেৰিকাৰ বাসিন্দা। বৰ্তমান তেওঁ টৰন্টো বিশ্ববিদ্যালয়ত কৰ্মৰত। আৰু হিণ্টন ব্ৰিটিছ-কানাডিয়ান। হোপফিল্ডে আমেৰিকান প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। দুয়োজন বিজ্ঞানীয়ে এইবাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে।

এই দুজন বিজ্ঞানীয়ে ‘কৃত্ৰিম স্নায়ু নেটৱৰ্ক’ (মগজুৰ স্নায়ুৰ দৰে কাম কৰা মেচিন লাৰ্নিং মডেল) প্ৰস্তুত কৰিছে। ই হৈছে পদাৰ্থ বিজ্ঞান ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰা এক পদ্ধতি, যিয়ে আজিৰ মেচিন লাৰ্নিঙত বৃহৎ প্ৰভাৱ পেলাব পাৰে।

নোবেল কমিটীৰ মতে হোপফিল্ডে ছবি আৰু অন্যান্য তথ্য সংৰক্ষণ কৰিব পৰা এক প্ৰকাৰৰ স্মৃতিশক্তি বিকশিত কৰিছিল।

আনহাতে হিণ্টনে আন এটা পদ্ধতি আৱিষ্কাৰ কৰিছিল। সেই পদ্ধতিটো মুখ চিনাক্তকৰণ বা ভাষা অনুবাদৰ দৰে কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বৰ্তমান বিশ্বত ব্যৱহৃত বৃহৎ কৃত্ৰিম স্নায়ু নেটৱৰ্কত এই কথা গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ৰয়েল ছুইডিছ একাডেমীৰ মতে অৱশ্যে কম্পিউটাৰে মানুহৰ দৰে চিন্তা কৰিব নোৱাৰে। কিন্তু স্মৃতিশক্তি আৰু শিক্ষণৰ দৰে কিছুমান কথা মেচিনৰ দ্বাৰা ভালদৰে অনুকৰণ কৰিব পাৰি। এই দুজন বিজ্ঞানীয়ে পদাৰ্থ বিজ্ঞানৰ মৌলিক ধাৰণা আৰু পদ্ধতি ব্যৱহাৰ কৰি এই নতুন পদ্ধতিটো আৱিষ্কাৰ কৰিছিল।

 

উল্লেখ্য যে ১৯০১ চনৰ পৰা ২০২৪ চনলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ১১৮ বাৰ প্ৰদান কৰা হৈছে আৰু মুঠ ২২৫ জন পদাৰ্থবিজ্ঞানীয়ে এই বঁটা লাভ কৰিছে। জন বাৰ্ডিন একমাত্ৰ ব্যক্তি যিয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে। প্ৰথমবাৰৰ বাবে ১৯৫৬ চনত আৰু দ্বিতীয়বাৰ ১৯৭২ চনত তেওঁ নোবেল বঁটা লাভ কৰে।