NORTHEAST NOW (Assamese)
ক্ৰীড়া

শোকাৱহ ঘটনা! খেলি থাকোঁতে প্ৰাণ হেৰুৱালে এগৰাকী খেলুৱৈয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2025 10:31 am

খেলি থাকোঁতে মৃত্যুৰ কোলাত ঢলি পৰিল এগৰাকী খেলুৱৈ! হায়দৰাবাদৰ নাগোল ষ্টেডিয়ামত সংঘটিত হৈছে এই কৰুণ ঘটনা। সম্প্ৰতি এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দৃশ্য দেখি স্তম্ভিত হৈ পৰিছে সকলো।

জানিব পৰা মতে, মৃত খেলুৱগৰাকীৰ নাম গুণ্ডলা ৰাকেশ। ২৫ বছৰীয়া এই যুৱক জনে হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। ভাইৰেল ভিডিঅ’টোত তেঁওক বেডমিণ্টনৰ ডাবলছ মেচ খেলি থকা দেখা গৈছে। খেলি থাকোতে হঠাতে ঢলিপৰে। ঘটনা স্থালীতে প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰা পিছতো কোনো সুফল নোপোৱাত তাৎক্ষণিক ভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেঁওৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত  চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

শেহতীয়াকৈ যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পোৱাৰ লাগতে এনেধৰণৰ প্ৰায় ঘটনাতে মৃত্যুৰ হাৰো বাঢ়ি গৈছে। জিমত খেলা-ধূলা বা ব্যায়াম কৰাৰ সময়ত হঠাৎ হাৰ্ট এটেক হোৱাৰ ঘটনাক লৈ চিন্তা ব্যক্ত কৰিছে চিকিৎসকসকলে।