NORTHEAST NOW (Assamese)
দেশ

পৰম্পৰা ভংগ! গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ হ’ব ব্যাপক ৰদ-বদল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2022 4:55 pm
Republic Day parade

অহা ২৬ জানুৱাৰীত ভাৰতবৰ্ষই ৭৩ তম গণৰাজ্য দিৱস উদযাপন কৰিব। প্ৰতি বছৰে দেশত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুসৰি বাচকবনীয়া পেৰেড প্ৰদৰ্শন কৰা হয়। কিন্তু এই বৰ্ষৰ গণৰাজ্য দিৱস পেৰেডে পূৰ্ব পৰম্পৰা ভংগ কৰিব।

এই বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড পূৰ্বতকৈ আধা ঘণ্টা পলমকৈ আৰম্ভ কৰা হ’ব। ৭৩ বছৰত প্ৰথম বাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডৰ বিলম্ব আৰম্ভ হ’ব।

পূৰ্বৰ ১০ বজাৰ পৰিৱৰ্তে এইবাৰ ১০.৩০ বজাৰ পৰা প্ৰদৰ্শিত হ’ব পেৰেড। মূলত: কুঁৱলীৰ বাবে উন্নত দৃশ্যমানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰিছে।

তদুপৰি কৰ’ণা প্ৰট’কল আৰু শ্ৰদ্ধাঞ্জলি সভাৰ বাবেও এই বছৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বিলম্ব হ’ব। প্ৰথমতে কাশ্মীৰত শ্বহীদ হোৱা নিৰাপত্তাকৰ্মীসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ’ব আৰু তাৰ পিছত পেৰেড ষ্টাৰ্ট হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই আজি কয় যে ঘন কুঁৱলীৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দৰ্শকে ভালদৰে এই কুচ-কাৱাজ দৰ্শন লাভ কৰিব পৰাকৈ ৰাজপথৰ প্ৰতিটো ফালে পাঁচখন ডাঙৰ এলইডি স্ক্ৰীণ স্থাপন কৰা হ’ব।

পূৰ্বৱৰ্তী গণতন্ত্ৰ দিৱসৰ পেৰেডৰ ফুটেজ, সশস্ত্ৰ বাহিনীৰ চুটি চলচ্চিত্ৰ আৰু এই বৰ্ষৰ গণৰাজ্য দিৱসৰ আগলৈকে বিভিন্ন অনুষ্ঠানৰ সৈতে সম্পৰ্কিত কাহিনীবোৰ একত্ৰিত কৰি কিউৰেটেড চলচ্চিত্ৰসমূহ পেৰেড আৰম্ভ হোৱাৰ আগতে প্ৰদৰ্শিত হ’ব।

ক’ভিদ পৰিস্থিতিৰ বাবে এই বছৰ অতিথিৰ তালিকা হ্ৰাস কৰা হৈছে। দিল্লীৰ ক’ভিদ পৰিস্থিতিৰ বাবে এই বছৰ প্ৰায় ২৪,০০০ লোকক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ’ব।

সূত্ৰ অনুসৰি এই বছৰ পেৰেডত অংশগ্ৰহণ কৰিব লগা প্ৰায় ২৪,০০০ লোকৰ ভিতৰত ১৯,০০০ লোকক আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে বাকী সকলে টিকট ক্ৰয় কৰি অনুষ্ঠান উপভোগ কৰিব পাৰিব।