NORTHEAST NOW (Assamese)
দেশ

সমুখত নিৰ্বাচন; মুখ্যমন্ত্ৰীৰ আত্মীয়ৰ বাসভৱনত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তালাচী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2022 4:02 pm
Punjab

অহা ফেব্ৰুৱাৰী মাহত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱত নিৰ্বাচনৰ পূৰ্বে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰৰ তালাচী চলিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ আত্মীয়ৰ বাসস্থান চৌহদত।

ৰাজ্যখনৰ ১০ টাতকৈও অধিক স্থানত ডাইৰেক্টৰেটে তালাচী চলায়। মুখ্যমন্ত্ৰী চন্নীৰ আত্মীয় ভূপিন্দৰ সিং হানিৰ চৌহদতো তালাচী চলাইছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

সূত্ৰ অনুসৰি ভূপিন্দৰ সিং হানিয়ে বালি খননৰ চুক্তি লাভৰ বাবে পঞ্জাৱ ৰিয়েলটাৰ্ছ নামৰ এটা প্ৰতিষ্ঠান তৈয়াৰ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

মুখ্যমন্ত্ৰী চন্নীৰ ভগ্নীৰ পুত্ৰ বাস কৰা হোমলেণ্ড চছাইটিতো ইডি-এ অভিযান চলায়।

ইডিয়ে সন্দেহ কৰিছে যে বালি খনিৰ চুক্তি লাভৰ বাবে ক’লা ধন বিনিয়োগ কৰা হৈছিল। আনহাতে পঞ্জাৱ ৰিয়েলটাৰ্ছ নামৰ কোম্পানীটো অতি সৰু পৰিমাণৰ আৰু কোটি টকাৰ চুক্তি পোৱাৰ সম্ভাৱনা নাই বুলি সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখ্য যে পঞ্জাৱৰ বিৰোধী দলবোৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অবৈধ বালি খননত জড়িত লোকসকলক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

পঞ্জাৱৰ মুখ্য বিৰোধী দল আপ- এ যোৱা মাহত মুখ্যমন্ত্ৰী চন্নীৰ সমষ্টি চামকৌৰ চাহিবতো অবৈধ বালি খননৰ অভিযোগ তুলিছিল।