NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

১৪৪ খন চিনেমাত একেই চৰিত্ৰ : বিশ্ব অভিলেখ গঢ়িলে বলীউডৰ এইগৰাকী অভিনেতাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 13, 2024 6:55 pm

তাৰকা হোৱাৰ সপোন লৈ প্ৰৱেশ কৰিছিল বলীউড জগতত। জগদীশ ৰাজ হিন্দী চিনেমা দৰ্শকৰ বাবে সুপৰিচিত। তেওঁক হিন্দী ছবিৰ শ্ৰেষ্ঠ আৰক্ষী বিষয়া বুলি ক’ব পাৰি। অন্ততঃ আজিও দৰ্শকে তেওঁক তেনেকৈয়ে মনত ৰাখিছে।

১৯৩৯ চনত ‘এক হি ৰাস্তা’ চিনেমাৰ জৰিয়তে অভিনয় আৰম্ভ কৰিছিল জগদীশ ৰাজে। তাৰ পিছত তেওঁ অসংখ্য বলীউড ছবিত অভিনয় কৰিছে।

তেওঁৰ উল্লেখযোগ্য চিনেমাসমূহ হৈছে মধুমতী, চি আই ডি, ধুল কা ফুল, শৰৰাট, কংগন, কানুন, জাল, বাজী, স্লেছ, উপাসনা, মেমছাব, হালচাল, জুৱাৰী, জৱানী দীৱানী, ইনছানিয়াট ইত্যাদি। ২০০১ চনত তেওঁ শেষবাৰৰ বাবে ‘কসম’ ছবিত পুলিচৰ চৰিত্ৰত অভিনয় কৰিছিল।

বলীউডৰ এইগৰাকী অভিনেতাই জীৱনত অসংখ্য ছবিত অভিনয় কৰিছিল। ইয়াৰে ১৪৪ খন ছবিত তেওঁ কেৱল আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।

জীৱনৰ প্ৰথম দুখন ছবিত তেওঁ আৰক্ষী বিষয়াৰ চৰিত্ৰত ইমানেই নিখুঁতভাৱে অভিনয় কৰিছিল যে সেই সময়ত যদি হিন্দী চিনেমাত আৰক্ষীৰ চৰিত্ৰ থাকিলে সেই চৰিত্ৰৰ বাবে তেওঁকেই নিৰ্বাচন কৰা হৈছিল।

ইমানবোৰ ছবিত একেটা চৰিত্ৰতে অভিনয় কৰা তেৱেই একমাত্ৰ ব্যক্তি। বিশ্বত আন কোনো অভিনেতাই একেটা চৰিত্ৰত ইমান বেছিকৈ অভিনয় কৰা নাই।