NORTHEAST NOW (Assamese)
অসম

কাছাৰত নাবালিকাক যৌন নিৰ্যাতন : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত ৰাজা দাসক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 13, 2024 7:45 pm

সমগ্ৰ ৰাজ্যত দুৰ্গা পূজা উদযাপনৰ মাজতে শনিবাৰে পুৱা কাছাৰত এগৰাকী নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

১৪ বছৰীয়া নাবালিকাগৰাকীক ৰাজা দাস নামৰ এজন ব্যক্তিয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, কাছাৰৰ উদাৰবন্দৰ মধুৰা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।

ঘটনা সংঘটিত কৰি অভিযুক্তই প্ৰথমে পলায়ন কৰে যদিও পিছত স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে।

চাহ বাগিচাৰ বনাঞ্চলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ৰাজা দাসক জিম্মাত লৈ বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

স্থানীয় লোকে জনোৱা মতে, অভিযুক্তই নাবালিকাগৰাকীক বলপূৰ্বকভাৱে বনাঞ্চললৈ লৈ গৈ নিৰ্যাতন চলাইছিল।