NORTHEAST NOW (Assamese)
Popular Stories

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক সিদ্ধান্তক লৈ আপত্তি বাৰ এছ’চিয়েশ্যনৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 24, 2024 8:55 pm

এতিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অৱসৰৰ বাবে মাত্ৰ কেইটামান দিন বাকী আছে। এনে পৰিস্থিতিত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে, যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে প্ৰশ্ন উত্থাপন কৰিছে।

জনা গৈছে যে উচ্চতম ন্যায়ালয়ত ‘লেডী জাষ্টিছ’ৰ প্ৰতিমূৰ্তিটো নতুনকৈ ডিজাইন কৰা হৈছে। ইয়াৰ পুৰণি মূৰ্তিটোত পৰম্পৰাগতভাৱে হাতত তৰোৱাল লৈ চকুত পটি বান্ধি থকা মহিলা আছিল যদিও এতিয়া নতুন প্ৰতিমূৰ্তিটোৰ চকু মেলিছে আৰু হাতত থকা তৰোৱালৰ ঠাইত সংবিধান স্থাপন কৰা হৈছে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সংস্থাই উচ্চতম ন্যায়ালয়ত এই পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণৰ নেতৃত্ব দিয়া মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ এখন পত্ৰ লিখি এই সন্দৰ্ভত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। সংস্থাটোৱে কয় যে এই সিদ্ধান্তসমূহ একপক্ষীয় আৰু এছচিবিএৰ সৈতে আলোচনা নকৰাকৈয়ে লোৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ ল’গ’ আৰু ‘লেডী জাষ্টিছ’ৰ প্ৰতিমূৰ্তিত কৰা পৰিৱৰ্তনৰ বিৰুদ্ধে এছচিবিএই প্ৰস্তাৱ গৃহীত কৰিছে।

ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালৰ নেতৃত্বত গঠিত এছ চি বি এয়ে পূৰ্বৰ ন্যায়াধীশৰ পুথিভঁৰালৰ ঠাইত সংগ্ৰহালয় স্থাপনৰ সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰে যোগাযোগ কৰাত কপিল ছিবালে এই কথা নিশ্চিত কৰে। আনহাতে, সূত্ৰই জনোৱা মতে, ইতিমধ্যে এই প্ৰস্তাৱৰ প্ৰতিলিপি চিজেআইলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে লেডী জাষ্টিছৰ নতুন প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত চি জে আই চন্দ্ৰচুড়ে কৈছিল, ‘আইন অন্ধ নহয়, ই সকলোকে সমানে দেখে।’

চি জে আই কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই তৰোৱালখন সংবিধানৰ মূৰ্তিৰে সলনি কৰাৰ আঁৰৰ যুক্তি ব্যাখ্যা কৰি কয় যে তৰোৱালখন হিংসাৰ প্ৰতীক, কিন্তু আদালতে সাংবিধানিক আইন অনুসৰি ন্যায় প্ৰদান কৰে। নতুন প্ৰতিমূৰ্তিটোৱে এই নীতিক প্ৰতিফলিত কৰাৰ লক্ষ্য লৈছে।

এই সন্দৰ্ভত এছ চি বি এৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অধিবক্তা আদি চি আগৰৱালাই কয় যে বিদায়ী চি জে আইয়ে এনে সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো অংশীদাৰৰ লগত পৰামৰ্শ লোৱা উচিত আছিল।