NORTHEAST NOW (Assamese)
দেশ

জ্ঞানবাপীৰ গোচৰত হিন্দুৰ পৰাজয়! নাকচ ভাৰতৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সমীক্ষাৰ আবেদন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 27, 2024 4:23 pm

জ্ঞানবাপী সন্দৰ্ভত চলি থকা ন্যায়িক যুদ্ধৰ মাজতে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে হিন্দুপক্ষ। বাৰাণসীৰ দেৱানী ন্যায়াধীশ আদালতৰ ফাষ্ট ট্ৰেকে ৰায়দান দি জ্ঞানবাপীত এ এছ আই জৰীপৰ দাবী নাকচ কৰে।

জ্ঞানবাপী গোচৰৰ সন্দৰ্ভত হিন্দু পক্ষৰ অধিবক্তা বিজয় শংকৰ ৰাষ্টোগীয়ে কয় যে সমগ্ৰ জ্ঞানবাপী অঞ্চলত প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সমীক্ষা বিচাৰি কৰা আবেদন আদালতে নাকচ কৰিছে। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আমি উচ্চ ন্যায়ালয়লৈ যাম।

উল্লেখ্য যে আদালতত হিন্দু পক্ষই জ্ঞানবাপীৰ মূল গম্বুজৰ তলত শিৱলিংগ আছে বুলি দাবী কৰিছে। ইয়াৰ লগতে হিন্দু পক্ষই সএই ঠাইত খনন চলাই এ এছ আই জৰীপৰ দাবী জনায়। মুছলমান পক্ষই হিন্দু পক্ষৰ আবেদনৰ বিৰোধিতা কৰি কয় যে এই খননৰ ফলত মছজিদৰ ক্ষতি হ’ব পাৰে।

দৰাচলতে ১৯৯১ চনত হৰিহৰ পাণ্ডে, সোমনাথ ব্যাস আৰু ৰামৰাং শৰ্মাৰ হৈ জ্ঞানবাপী মছজিদৰ মালিকীস্বত্ব অৰ্জনৰ বাবে আবেদন দাখিল কৰা হৈছিল। প্ৰায় দুটা দশক ধৰি চলি থকা শুনানিৰ অন্তত বাৰাণসীৰ দেৱানী ন্যায়াধীশে হিন্দু পক্ষৰ আবেদন নাকচ কৰে।

হিন্দু পক্ষদাবী কৰিছিল যে মছজিদৰ মূল গম্বুজৰ তলত ১০০ ফুট উচ্চতাৰ এটা শিৱলিংগ আছে। এনে পৰিস্থিতিত মছজিদৰ গাঁথনিৰ ক্ষতি নকৰাকৈ খনন কৰিব লাগে, যাতে শিৱলিংগৰ দাবী নিশ্চিত কৰিব পৰা যায়।