NORTHEAST NOW (Assamese)
দেশ

উৰুৱাই দিয়া হ’ব মন্দিৰ : ইমেলযোগে ভাবুকি লাভৰ পিছতেই বোমাতংক তিৰোপতিত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 28, 2024 3:15 pm

ইখনৰ পিছত সিখনকৈ হোটেলে আততায়ীৰ বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ পিছত এইবাৰ ভাবুকি আহিছে মন্দিৰলৈ।

এইবাৰ তিৰোপতিৰ ইস্কন মন্দিৰলৈ ইমেইলযোগে ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই।

ইয়াৰ পিছতে মন্দিৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে নিশা মন্দিৰৰ কৰ্মচাৰীসকলক কোনো অচিনাক্ত লোকে ভাবুকিপূৰ্ণ ইমেইল (Hoax mail) প্ৰেৰণ কৰিছিল।

নিজকে পাকিস্তানৰ আই এছ আই সমৰ্থিত উগ্ৰপন্থী বুলি পৰিচয় দি মন্দিৰটো বোমাৰে উৰুৱাই দিয়া হ’ব বুলি মেইল কৰিছিল দুৰ্বৃত্তই।

ইয়াৰ পিছতে মন্দিৰৰ চৌহদত আতংক বিয়পি পৰে।

খবৰ লাভ কৰিয়েই, বোমা স্কোয়াড আৰু ডগ স্কোয়াডৰ দলে সেই স্থানত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।

অৱশ্যে মন্দিৰ চৌহদৰ পৰা কোনো ধৰণৰ বিস্ফোৰক বা আন কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে মন্দিৰত বোমা আক্ৰমণৰ ভাবুকিৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

যোৱা শনিবাৰেও তিৰুপতিৰ দুখন হোটেলে বোমা আক্ৰমণৰ ভাবুকি লাভ কৰিছিল। অৱশ্যে তালাচীৰ অন্তত সকলো ভুৱা বুলি ধৰা পৰে।

কেৱল হোটেল বা মন্দিৰেই নহয়, বিগত কিছুদিনত কেইবাখনো বিমানেও এনে ভাবুকিৰ সন্মুখীন হৈছে।

খবৰ অনুসৰি দেওবাৰে কমেও ৫০খন বিমানৰ কৰ্তৃপক্ষই বোমা আক্ৰমণৰ ভাবুকি লাভ কৰিছিল। কিন্তু আৰক্ষী বা বিমান কৰ্তৃপক্ষই বাৰে বাৰে কিয় এনে ভাবুকিৰ সন্মুখীন হৈছে তাৰ কোনো উত্তৰ পোৱা নাই।
বিমানত ভাবুকি প্ৰদান কৰা অভিযুক্তক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। যদিও ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে
, তথাপিও এনে ভাবুকি ৰোধ কৰিব পৰা নাই প্ৰশাসনে।