NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰোডৰ শিমলাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত পিতা-পুত্ৰ

Posted by: এন ই নাও নিউজ, বৰপেটাৰোড Updated by: এন ই নাও নিউজ, বৰপেটাৰোড November 5, 2024 11:23 am

বৰপেটাৰোডৰ শিমলাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ নিৰ্মিত উৰণীয়া সেতুত সোমবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বৰপেটাৰোডৰ পৰা হাউলীলৈ দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হয় দুই মটৰ চাইকেল আৰোহী। তেলৰ টেংকাৰৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু ঘটে দুই পিতৃ-পুত্ৰৰ।

বৰপেটাৰোডৰ পৰা হাউলীৰ দিশলৈ গৈ থকা AS 15 S 9071 নম্বৰৰ মটৰ চাইকেলখনক তেলৰ টেংকাৰখনে খুন্দা মৰাৰ ফলত মটৰ চাইকেলত থকা দুয়োজন আৰোহী থিতাতে নিহত হয়।

লগতে পঢ়কঃ গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ ডি-নোটিফিকেচন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ

দুৰ্ঘটনাটোত নিহত মটৰ চাইকেল আৰোহী দুজন বাক্সাৰ আনন্দ বজাৰৰ হাটখোলাৰ পিতা-পুত্ৰ কৈলাশ মেধি আৰু ৰাজেশ মেধি।

পিতৃ কৈলাশ মেধি আনন্দ বজাৰৰ ডাকঘৰৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। আনহাতে, পুত্ৰ ৰাজেশ আছিল স্কুলীয়া ছাত্ৰ।