NORTHEAST NOW (Assamese)
মণিপুৰ

পৰিস্থিতিৰ সামান্য উন্নতি : মণিপুৰত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব স্কুল-কলেজৰ পাঠদান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 24, 2024 8:55 pm

অস্থিৰ ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতিৰ পাছত সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যৰ সকলো বিদ্যালয়ৰ স্বাভাৱিক শ্ৰেণী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে মণিপুৰ চৰকাৰে।

মণিপুৰৰ শিক্ষা সঞ্চালক এল নন্দকুমাৰ সিঙে দেওবাৰে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰে যে ৰাজ্যখনৰ সকলো বিদ্যালয়, চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত, ব্যক্তিগত আৰু কেন্দ্ৰীয় বিদ্যালয়ত ২৫ নৱেম্বৰ, সোমবাৰৰ পৰা স্বাভাৱিক পাঠ্যক্ৰম পুনৰ আৰম্ভ হ’ব।

উল্লেখ্য যে মণিপুৰৰ ইম্ফল উপত্যকাৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে ১৬ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ বন্ধ হৈ আছিল।

যোৱা ১৫ আৰু ১৬ নৱেম্বৰত জিৰিবাম জিলাত নিৰুদ্দেশ হোৱা তিনিটা শিশু আৰু তিনিগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ১৬ নৱেম্বৰত কেইবাখনো জিলাত বিশেষকৈ ইম্ফল পূৱ আৰু ইম্ফল পশ্চিম জিলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে এই শ্ৰেণীসমূহ বাতিল কৰা হৈছিল।