NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ সৈতে হোটেলত ভয়ংকৰ ঘটনা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 25, 2024 5:03 pm

ৰাসৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল অভিনেত্ৰী অমৃতা গগৈ। হোটেলখনৰ ৩০৪ নম্বৰ ৰোমটোত ঘটিল শিহৰণকাৰী ঘটনা।

জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ সৈতে হোটেলত ঘটিল ভয়ংকৰ ঘটনা। ৰাসৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল অভিনেত্ৰী অমৃতা গগৈ। এক শিহৰণকাৰী বৰ্ণনা দিলে অভিনেত্ৰীগৰাকীয়ে।

ৰাসত অনুষ্ঠান পৰিৱেশনৰ বাবে নগাঁৱলৈ গৈছিল অভিনেত্ৰী অমৃতা গগৈ। ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ নগাঁৱত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। কমিটীৰ মানুহে নগাঁও বাইপাছৰ উৰিয়ামঘাটৰ চ’কৰ সংযুক্তি নামৰ হোটেলখনলৈ লৈ যায় অভিনেত্ৰীগৰাকীক।

অভিনেত্ৰীগৰাকীৰ সৈতে আছিল এগৰাকী বান্ধৱীও। হোটেলখনৰ ৩০৪ নম্বৰ ৰূমটোত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল অভিনেত্ৰী অমৃতা গগৈ আৰু তেঁওৰ বান্ধৱী গৰাকীক। ৰাসৰ অনুষ্ঠানৰ দিনা ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নিশা প্ৰায় ২ বজাত হোটেলখনলৈ ঘূৰি আহে অভিনেত্ৰী অমৃতা গগৈ আৰু তেঁওৰ বান্ধৱীগৰাকী। ৰাস কমিটীৰ দুজন কৰ্মকৰ্তাই হোটেলখনত থৈ গৈছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীক প্ৰাপ্য ধন আদায় দি গুচি যায় ৰাস কমিটীৰ কৰ্মকৰ্তা দুগৰাকী। অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে খাদ্য গ্ৰহণ কৰি নিশা প্ৰায় ৩ বজাত শুবলৈ যায়। তাৰ পিছতেই ঘটিল এক শিহৰণকাৰী ঘটনা। সময় তেতিয়া আছিল পুৱা ৫ বাজি। হঠাৎ ৰুমৰ দুৱাৰখনৰ পৰা আহিল এটা শব্দ। সেই শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈৰ বান্ধৱী গৰাকী।দেখে তেঁওলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে। লগেলগে বান্ধৱী গৰাকীয়ে অমৃতা গগৈক টোপনিৰ পৰা জগুৱাই দৃশ্যটি দেখাই। লগে লগে একে জাঁপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিল অমৃতা গগৈয়ে। দুয়োগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে। দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈয়ে আইহ’ল টোৰে বাহিৰলৈ চাওতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে।

লগে-লগে অভিনেত্ৰী অমৃতা গগৈয়ে বান্ধৱীগৰাকী হোটেলৰ মালিকলৈ ফোন কৰিবলৈ ক’লে। কিয়নো ৰুমটো লোৱাৰ দিনা অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল হোটেলৰ মালিক। শ্বেয়াৰ কৰিছিল নিজৰ প্ৰাইভেট মোবাইল নম্বৰ। ৫:২৪, ৫:২৬ আৰু ৫:২৭ মিনিটত তিনিবাৰ হোটেলৰ মালিকলৈ ফোন কৰা হ’ল। কিন্তু ফোন ৰিছিভ নকৰিলে হোটেলৰ মালিকে। লগে লগে ফোন কৰিলে ৰাস কমিটীৰ সম্পাদকলৈ। ফোনতে জনোৱা হ’ল সমগ্ৰ ঘটনা। বহু সময় পাৰ হোৱাৰ পাছত উপায়ন্তৰ হৈ হোটেলৰ কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে দুয়োগৰাকী অভিনেত্ৰীয়ে। তাৰ পিছতেই লগ লগে আঁতৰি গ’ল যুৱকজন। কিন্তু কিছুসময় পিছতে দেখে যে সেই একেজনেই যুৱক মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখেৰে অহা যোৱা কৰি থাকিল।কিছুসময় পিছতে হোটেলখনত উপস্থিত হ’ল ৰাস কমিটীৰ সম্পাদক। সৌভাগ্যক্ৰমে ভয়ংকৰ এক ঘটনাৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকী। কিন্তু অতি ৰহস্যজনক কথাটো হ’ল যে হোটেলৰ মালিকক সকলো কথা জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ। হোটেলখনত নাছিল CCTVৰ ব্যৱস্থা। CCTV নথকাকৈ নগাঁও বাইপাছত কেনেকৈ চলি আছে এখন হোটেল? ফেচবুক লাইভযোগে প্ৰশ্ন অমৃতা গগৈৰ?

অভিনেত্ৰী অমৃতা গগৈৰ এই অভিযোগৰ পাছতে মুখ খুলিলে হোটেল কৰ্তৃপক্ষই।