NORTHEAST NOW (Assamese)
অসম

আলফাক পুনৰ ৫ বছৰৰ বাবে নিষিদ্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 26, 2024 5:58 pm

অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ চেষ্টা, অন্যান্য বিদ্ৰোহী সংগঠনৰ সৈতে থকা যোগাযোগ, ধন দাবী আৰু হিংসাৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰি কেন্দ্ৰই সোমবাৰে পুনৰ পাঁচ বছৰৰ বাবে আলফা(স্বা)ৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি কৰে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে আলফা(স্বা)-এ বিভিন্ন নিষিদ্ধ সংগঠনৰ সৈতে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ভংগ কৰাৰ চেষ্টা কৰিছে।

আলফা(স্বা)-এ ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ উদ্দেশ্য ঘোষণা কৰি ধন দাবী অব্যাহত ৰাখিছে, ধন দাবী হত্যা আদিৰ লগতে অন্যান্য বিদ্ৰোহী গোটৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে বুলি অধিসূচনাখনত উল্লেখ কৰা হৈছে।