ছিৰিয়াৰ ৰাজধানীত প্ৰৱেশ সশস্ত্ৰ বিদ্ৰোহীৰঃ পলায়ন ৰাষ্ট্ৰপতি আছাদৰ, সমগ্ৰ দেশতে আতংক

ছিৰিয়াত পতনৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ নেতৃত্বত থকা চৰকাৰ। দেওবাৰে পুৱা ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰে বিদ্ৰোহী গোটে। ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি আছাী ৰাজধানীৰ পৰা পলায়ন কৰে। তেওঁৰ গন্তব্যস্থান জানিব পৰা হোৱা নাই। কিন্তু ছিৰিয়াৰ সেনাৰ শীৰ্ষ বিষয়াসকলে ৰয়টাৰক জনাইছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে বিমানত উঠিছিল। তেওঁ ক’লৈ গৈ আছিল সেই কথা প্ৰকাশ কৰা হোৱা নাছিল।
দেওবাৰে পুৱা ছিৰিয়াৰ দুটা বিদ্ৰোহী সশস্ত্ৰ সংগঠন হায়াত তাহৰিৰ আল-শ্বাম (এইচটিএছ) আৰু তেওঁলোকৰ সংযুক্ত জইছ আল ইজ্জাৰ সংযুক্ত বাহিনীয়ে ডামাস্কাছত প্ৰৱেশ কৰে। ৰাজধানী চহৰখন ঘেৰি ধৰিছিল।যাৰ পাছত সেনাবাহিনীও পিছুৱাই গৈছে। দেওবাৰে পুৱা ডামাস্কাছত কোনো চৰকাৰী প্ৰতিনিধি বা বাহিনী দেখা পোৱা নগ’ল। বিদ্ৰোহীয়ে কোনো বাধা নোহোৱাকৈ ৰাজধানীখন দখল কৰিছে। চৰকাৰে প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে। ব্ৰিটেইনৰ ছিৰিয়ান মানৱ নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সেই দেশৰ বিমানবন্দৰৰ পৰা সেনা আৰু নিৰাপত্তাৰক্ষীকো খালী কৰা হৈছে।
এই বিদ্ৰোহে সমগ্ৰ দেশতে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সংবাদ সংস্থা এএফপিয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱাৰে পৰা ডামাস্কাছত বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে। ভয়ত ঘৰৰ পৰা ওলাই যাব পৰা নাই বাসিন্দাসকল। চৰকাৰৰ পতনৰ আশংকাত ৰাজধানী এৰি পলাবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰপতি আছাদৰ সমৰ্থকসকলে।
যোৱা কেইদিনমানৰ পৰা ছিৰিয়াৰ ইখনৰ পাছত সিখন চহৰ দখল কৰি আহিছে বিদ্ৰোহীসকলে। লাহে লাহে তেওঁলোকে ডামাস্কাছৰ ফালে আগবাঢ়ি গ’ল। দেওবাৰে পুৱা ৰাজধানীখনো বিদ্ৰোহীয়ে দখল কৰিছিল।উল্লেখ্য যে, ছিৰিয়াত ১৩ বছৰতকৈও অধিক সময় ধৰি গৃহযুদ্ধ চলি আছে।
একাংশ সামৰিক বিশেষজ্ঞৰ মতে যোৱা কেইমাহমানৰ পৰা ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত আছাদৰ সেনা বাহিনীৰ স্থিতি দুৰ্বল হৈ পৰিছে। সেয়েহে বিদ্ৰোহীসকলে সুযোগ বুজি ডামাস্কাছৰ ফালে আগবাঢ়িল। আছাদৰ অৱশ্যে ৰাছিয়া আৰু ইৰাণৰ সহায় আছে। পশ্চিম এছিয়াৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে ইৰাকৰ পৰা অহা ছিয়া মিলিচীয়া বাহিনীয়েও ছিৰিয়াৰ সেনাৰ সহায়ত সীমান্ত অতিক্ৰম কৰিছে। কিন্তু ৰাজধানী ৰক্ষা কৰিব নোৱাৰি আছাদ পলায়ন কৰিবলৈ বাধ্য হয়।
ছিৰিয়াৰ অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীয়ে সেই দেশত বসবাস কৰা ভাৰতীয়সকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ছিৰিয়াৰ প্ৰবাসীসকলক সুযোগ পালে অতি সোনকালে ঘৰলৈ উভতি যাবলৈ কোৱা হৈছে।