NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত যুৱতীক দলবদ্ধ ধ*ৰ্ষণৰ অপৰাধত ৭ জনক গ্ৰেপ্তাৰ, দুজন পলাতক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2024 2:53 pm

গুৱাহাটীত এগৰাকী যুৱতীক ধৰ্ষণ কৰি ঘটনাৰ ভিডিঅ’ কৰাৰ অভিযোগত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী দুজন এতিয়াও পলাতক হৈ আছে।

অভিযোগ অনুসৰি, গুৱাহাটীৰ বৰাগাঁও অঞ্চলত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণৰ ঘটনা।

ঘটনা মতে, ৯ জন লোকে ভুক্তভোগী মহিলাগৰাকীক শাৰীৰিক আক্ৰমণ আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে এই কাণ্ডৰ চিত্ৰগ্ৰহণ কৰি ছ’চিয়েল মিডিয়াত সেই আপত্তিজনক ভিডিঅ’ প্ৰচাৰ কৰে।

খবৰ অনুসৰি কিছুদিন পূৰ্বে বৰাগাঁৱৰ নিজাৰাপা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।

গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে দিপাংকৰ মুখীয়া, কুলদীপ, পিংকু দাস, মৃণাল, গগন, বিজয়, আৰু সৌৰভ।

বৰ্তমান বাকী দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী চলি আছে।

পলায়ন কৰা দুজনৰ নাম ৰবিন দাস আৰু কৃষ্ণ।

ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।