NORTHEAST NOW (Assamese)
Popular Stories

‘আইন সকলোৰে বাবে সমান’- নিষিদ্ধ অঞ্চলত ধূম্ৰপান কৰা বাবে বৈদেশিক মন্ত্ৰীক জৰিমনা, কিন্তু ক’ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 18, 2024 8:29 pm

মালয়েছিয়াৰ বৈদেশিক মন্ত্ৰী মহম্মদ হাছানক নেগেৰী চেম্বিলানৰ এখন খাদ্যৰ দোকানত ধূমপান নিষিদ্ধ এলেকাত ধূমপান কৰাৰ অপৰাধত জৰিমনা বিহা হৈছে। এদল পুৰুষৰ সৈতে ধূমপান কৰি থকা ভাইৰেল ফটো এখনে জনসাধাৰণৰ মাজৰ ক্ষোভৰ সৃষ্টি কৰিছে। মালয়েছিয়াৰ আইন অনুসৰি নিষিদ্ধ অঞ্চলত ধূমপান কৰাৰ ফলত ৫,০০০ ৰিংগিট (প্ৰায় ৯৫,০০০ টকা) জৰিমনা বিহা হব পাৰে। হাছানে নিজৰ এই কাৰ্যৰ বাবে ক্ষমা বিচাৰিছে আৰু তেওঁ জৰিমনা ভৰিব বুলি উল্লেখ কৰিছে।

স্বাস্থ্য মন্ত্ৰী ডজুলকেফ্লি আহমেদে নিশ্চিত কৰে যে হাছানে স্বাস্থ্য মন্ত্ৰালয়ক জৰিমনা জাৰি কৰিবলৈ অনুৰোধ জনাইছে, মন্ত্ৰীকে ধৰি কোনোৱেই আইনৰ ওপৰত নহয় বুলি জোৰ দিয়ে। মালয়েছিয়াই ২০১৯ চনত খাদ্যৰ দোকানত ধূমপান নিষিদ্ধ কৰা আৰু ২০২৪ চনৰ অক্টোবৰ মাহত অধিক ব্যৱস্থা গ্ৰহণকে ধৰি ধূমপানৰ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰাৰ পাছতে এই কাণ্ড সংঘটিত হৈছে।

হাছানে সংবাদমেলত এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি, সৃষ্টি হোৱা উদ্বেগৰ বাবে আন্তৰিকতাৰে ক্ষমা বিচাৰিলে আৰু চেৰেম্বান জিলা স্বাস্থ্য কাৰ্যালয়ৰ পৰা জাননী পোৱাটো নিশ্চিত কৰে। তেওঁ জৰিমনা আদায় দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰি আইন মানি চলিব বুলি জোৰ দিয়ে।