NORTHEAST NOW (Assamese)
Popular Stories

দোৰোণ শাক আৰু ইয়াৰ উপকাৰীতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 18, 2024 7:42 pm

দোৰোণ শাক এবিধ লেমিয়াছি গোত্ৰৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। দোৰোণ শাকক বিভিন্ন ধৰণৰ কামত বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। দোৰোণ শাকক ঠাই বিশেষে ভিন্ন নামেৰে জনা যায়। অসমত এইবিধ শাকক ‘দোৰোণ শাক’ বুলি জনাজাত।

দোৰোণ শাকৰ গছৰ পাতবোৰ দীঘল, সৰু আৰু ওখ প্ৰায় এক ডেৰ ফুটমান হয়। ইয়াৰ ফুলবোৰ বগা আৰু গছডাল জোপোহা হয়।ইয়াৰ শাস্ত্ৰীয় নাম দ্ৰোণপুষ্প, দ্ৰোণা, ফুলে পুষ্পা আদি।

উপকাৰীতাঃ

দোৰোণ ফুলৰ পাতৰ ৰসে চৰ্মৰোগ ভাল কৰে। নাকেৰে তেজ ওলালে দুটোপাল পাতৰ ৰস তেজ ওলোৱা নাকত দিলেও উপশম পোৱা যায়। দোৰোণ শাক কলাখাৰেৰেও ভাজি খাব পাৰি।