NORTHEAST NOW (Assamese)
অসম

চামগুৰিত নদীৰ বোকাত আৱদ্ধ হৈ পৰা এমহীয়া হাতী পোৱালী উদ্ধাৰ বন বিভাগৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা December 8, 2020 6:23 pm
চামগুৰিত নদীৰ বোকাত আৱদ্ধ হৈ পৰা এমহীয়া হাতী পোৱালী উদ্ধাৰ বন বিভাগৰ

নগাঁও জিলাৰ শালনা ৰেঞ্জৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰী বৰবস্তিত মঙ্গলবাৰে এটা বনৰীয়া হাতী পোৱালী উদ্ধাৰ হয়।

বন বিভাগৰ এটা দলে উদমাৰী বৰবস্তিত বনৰীয়া হাতী পোৱালীটো উদ্ধাৰ কৰে।

জানিব পৰা মতে, উদমাৰীস্থিত ননৈ নদীৰ বোকাত স্থানীয় লোকে বনৰীয়া হাতী পোৱালিটো আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।

স্থানীয় ৰাইজে দিয়া খবৰৰ পাছতে উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতী বন্ধু বিনোদ দুলু বৰাৰ সহযোগত প্ৰায় এমহীয়া হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা সময়ত হাতী পোৱালীটোৰ স্বাস্থ্য যথেষ্ট দুৰ্বল হৈ পৰা দেখা গৈছিল।

বন বিভাগৰ দলে সফলতাৰে উদ্ধাৰ কৰা এমহীয়া হাতী পোৱালীটো বৰ্তমান কাজিৰঙাস্থিত চি ডব্লিউ আৰ চি লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে বুলি বন বিভাগৰ এক সুত্ৰই প্ৰকাশ কৰিছে।