NORTHEAST NOW (Assamese)
অসম

সংকটত চিৰিলুইত, চিন্তাত অসম! ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে চীনে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 27, 2024 9:00 pm

ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতৰ মালভূমিৰ পূব দিশত নতুন জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে। বেইজিঙৰ চৰকাৰী সূত্ৰৰ মতে, ই হব বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ।

বছৰি ৩০ হাজাৰ কোটি কিলোৱাট বিদ্যুৎ উৎপাদন হব এই প্ৰকল্পটোৰ পৰা।

চীনৰ এই সিদ্ধান্তক লৈ এতিয়া চিন্তিত হৈ পৰিছে ভাৰত আৰু বাংলাদেশ। চীনৰ য়াৰলুং ছাংপো নদীখনেই ভাৰত আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰ নামেৰে জনাজাত। এই হিমবাহী নদীখন অসমৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেৰে বাংলাদেশত প্ৰৱেশ কৰে।

দুয়োখন দেশৰ নদী বিশেষজ্ঞৰ মতে চীনে যদি য়াৰলুং ছাংপো নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ কমি যাব। দুয়োখন দেশৰ জলবিদ্যুৎ প্ৰকল্প আৰু জলসিঞ্চন ব্যৱস্থা বিপদত পৰিব।

বেইজিঙৰ বিষয়াসকলে অৱশ্যে ঘৰুৱা বৈঠকত দুয়োখন দেশক আশ্বাস দিছে যে ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত পৰিমাণ আৰু সোঁত কমি নাযায়।

বিশেষজ্ঞৰ মতে, এই বান্ধৰ ফলত বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত ইমানেই বৃদ্ধি পাব যে অসমত বানে ভয়ানক ৰূপ ধাৰণ কৰিব। লগতে খৰালি ব্ৰহ্মপুত্ৰৰ বুকু শুকান হৈ পৰিব।