NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 29, 2024 9:35 pm

শনিবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে আগুন্তুক পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত আছে ১ কোটি ৮০ লাখ ১৪,৯১৩ গৰাকী ভোটাৰৰ নাম।

ইয়াৰে ৯০,৬০,৬৪০ গৰাকী পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰ ৮৯,৫৩,৮৬৫ গৰাকী।

উল্লেখ্য যে অসমৰ মুঠ ২৭ খন জিলাৰ ৩৯৭ টা জিলা পঞ্চায়ত, ১৮১ টা আঞ্চলিক পঞ্চায়ত,২,১৯২ টা পঞ্চায়ত আৰু ২১,৯২০ টা ৱাৰ্ডৰ বাবে হ’ব নিৰ্বাচন।

সমগ্ৰ অসমত ভোটদানৰ বাবে থাকিব মুঠ ২৪,৮৮৪ টা ভোট কেন্দ্ৰ।