NORTHEAST NOW (Assamese)
Popular Stories

ক’ষ্ট গাৰ্ডৰ হেলিকপ্টাৰত অগ্নিকাণ্ড! পোৰবন্দৰত সংঘটিত দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2025 3:17 pm

গুজৰাটৰ পোৰবন্দৰত কষ্ট গাৰ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনা।যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। আকাশত জুই লাগি হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

ধ্ৰুৱ সশস্ত্ৰ বাহিনীৰ তিনিজন জোৱানৰ নেতৃত্বত এডভান্স লাইট হেলিকপ্টাৰে বিমান পথত টহল দি আছিল।সেই সময়তে হঠাৎ জুই লাগি হেলিকপ্টাৰখন ভাঙি পৰিল।

কিন্তু অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তদন্ত আৰম্ভ হৈছে। জানিব পৰা মতে এই ঘটনাত কেইবাজনো লোক আহত হৈছে। আঘাতপ্ৰাপ্তসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

নিহত তিনিজনৰ কোনো এজনকো এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। মৃতদেহ চিনাক্তকৰণৰ কাম চলি আছে।

উল্লেখ্য যে, মাত্ৰ চাৰি মাহৰ আগতে ছেপ্টেম্বৰ মাহত এডভান্সড লাইট হেলিকপ্টাৰ Mk-3 বিমানখন পোবন্দৰৰ ওচৰৰ আৰব সাগৰত তিনিজন ক্ৰু মেম্বাৰ লৈ নামিছিল। দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও পাইলট ৰাকেশ কুমাৰ ৰাণা কেতিয়াও উদ্ধাৰ হোৱা নাছিল। ইয়াৰ প্ৰায় এমাহৰ পাছত অক্টোবৰ মাহত গুজৰাটৰ উপকূলত উদ্ধাৰ হৈছিল মৃতদেহটো।