NORTHEAST NOW (Assamese)
অসম

তিব্বতত সংঘটিত ভূমিকম্পত মৃতকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি; বহু আৱদ্ধ হৈ থকাৰ শংকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2025 10:47 am

প্ৰবল ভূমিকম্পই কঁপাই তুলিছে নেপাল। বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত পুৱাই প্ৰচণ্ড কম্পন অনুভূত হয়। ভূমিকম্পৰ উৎস তিব্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১।

সূত্ৰসমূহৰ মতে, আফটাৰশ্বকত মৃত্যুৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে। তদুপৰি, ভগ্নাৱশেষৰ তলত অধিক লোক আৱদ্ধ হৈ থকাৰ শংকা প্ৰকাশ কৰা হৈছে।

ৰাষ্ট্ৰীয় ভূকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পুৱা ৬:৩৫ বজাত প্ৰথমটো কম্পন সংঘটিত হয়। তাৰ অলপ পিছতে কঁপি উঠিল শিজাং। একেৰাহে ৫ বাৰ কম্পন অনুভুত হয়। দ্বিতীয়টো কম্পন পুৱা ৭ বাজি ২ মিনিটত সংঘটিত হয়। ইয়াৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৪.৭।

মাত্ৰ পাঁচ মিনিটৰ পিছতে পুৱা ৭:০৭ বজাত পুনৰ তৃতীয়টো কম্পন সংঘটিত হয়। ইয়াৰ তীব্ৰতা আছিল ৪.৯। প্ৰথম দুটা ভূমিকম্প পৃথিৱীৰ পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল। তৃতীয়টো ৩০ কিলোমিটাৰ গভীৰত। ছয় মিনিটৰ পাছত আন এটা কম্পন অনুভুত কৰা হয়, যাৰ তীব্ৰতা আছিল ৫।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২৩ চনৰ নৱেম্বৰ মাহত নেপালত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। সেইবাৰৰ ভূমিকম্পত শতাধিক লোকৰ মৃত্যু হৈছিল।