NORTHEAST NOW (Assamese)
অসম

পাৰমাণৱিক সহযোগিতাত ভাৰতৰ ওপৰত থকা সামগ্ৰিক নিষেধাজ্ঞা শিথিলৰ আশ্বাস আমেৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2025 11:25 am

ৱাশ্বিংটন আৰু নতুন দিল্লীৰ মাজত শান্তিপূৰ্ণ পাৰমাণৱিক সহযোগিতাৰ প্ৰসাৰৰ লক্ষ্যৰে বৰ্তমান আমেৰিকা চৰকাৰে পাৰমাণৱিক খণ্ডত ভাৰতীয় কোম্পানীসমূহৰ ওপৰত থকা কিছু নিষেধাজ্ঞা উঠাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে।

ছুলিভানে কয় যে আজি মই ঘোষণা কৰিব পাৰো যে আমেৰিকাই ভাৰতৰ শীৰ্ষ পাৰমাণৱিক কেন্দ্ৰ আৰু আমেৰিকাৰ কোম্পানীসমূহৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ চূড়ান্ত কৰিছে। এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰসমূহৰ প্ৰক্ৰিয়া চলি থকা বুলিও তেওঁ অৱগত কৰে।

এই সিদ্ধান্ত ভাৰতৰ পাৰমাণৱিক খণ্ডৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ ইতিহাসত এক টাৰ্নিং পইণ্ট। ছুলিভানে কয়, ‘এইটো অতীতৰ কিছুমান মতানৈক্যৰ পৃষ্ঠাত নতুন অধ্যায় আৰম্ভ কৰাৰ এটা সুযোগ হ’ব আৰু নিষেধাজ্ঞা তালিকাত থকা সংগঠনবোৰৰ বাবেও এক সুযোগ আহিব কিয়নো সেই তালিকাৰ পৰা মুক্ত কৰি আমেৰিকাৰ সৈতে গভীৰ সহযোগিতাত প্ৰৱেশ কৰাৰ সুযোগ সৃষ্টি কৰা হ’ব। ইয়াৰ ভিতৰত আমাৰ ব্যক্তিগত খণ্ড, বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলো অন্তৰ্ভুক্ত হ’ব – যিসকলে শান্তিপূৰ্ণ পাৰমাণৱিক সহযোগিতাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

এই সিদ্ধান্তৰ লগে লগে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতা শক্তিশালী হ’বলৈ গৈ আছে। বিগত কেইটামান দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ) আৰু আমেৰিকাৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ চৰ্ত অনুসৰি কিছুমান নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছে, যাৰ ফলত দুয়োখন দেশৰ মাজত পাৰমাণৱিক সহযোগিতাত বাধাৰ সৃষ্টি হৈছে। অৱশ্যে এই নতুন পদক্ষেপে সেই বাধা আঁতৰাই অনাগত দিনত দুয়োখন দেশে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়াব পাৰিব।

ইয়াৰ দ্বাৰা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হোৱাই নহয়, বিশ্বৰ শক্তিৰ বজাৰত ভাৰত আৰু আমেৰিকাৰ স্থিতিও শক্তিশালী হ’ব। বিশেষকৈ ভাৰতে নিজৰ পাৰমাণৱিক শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে আগ্ৰহী আৰু এই পদক্ষেপ সেই দিশত এক বৃহৎ পদক্ষেপ হ’ব পাৰে। ইয়াৰ দ্বাৰা ভাৰতে শক্তি উৎপাদন সক্ষমতা বৃদ্ধি কৰিব পাৰিব, যাৰ ভিতৰত পাৰমাণৱিক শক্তি এটা গুৰুত্বপূৰ্ণ অংশ।

ইফালে এই সিদ্ধান্ত আমেৰিকাৰ বাবে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু উদ্ভাৱন সম্প্ৰসাৰণৰ এক বৃহৎ সুযোগ। ভাৰতীয় বজাৰত প্ৰযুক্তিৰ প্ৰৱেশ আৰু বিদ্যুৎ উৎপাদনত সহযোগিতাৰ পৰা তেওঁলোকে বহুখিনি লাভ কৰিব পাৰিব। এই পদক্ষেপে দুয়োখন দেশৰ মাজত কেৱল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতে নহয়, বিজ্ঞান, গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰতো অধিক শক্তিশালী সম্পৰ্কৰ সুযোগ সৃষ্টি কৰিব।