NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- এই ভোগালীতে

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা January 15, 2025 3:34 pm

এই ভোগালীতে

শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে?

শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভৰালত৷

আউলি-বাউলি হোৱা বতাহৰ বিননিত শুই থকা নৰাবোৰে

চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী

নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷

বতাহৰ মুখত হাঁহি দিবলৈ মেজিটো জ্বলাই

হৈ-ধ্বনি দিয়াহি৷

দোকমোকালিৰ বেলিলৈ চাই কোৱাহি,

অহাবাৰো আমাৰ পথাৰ যেন ধানেৰে সোণালী কৰা৷

এই ভোগালীতে,

দিহিঙে-দিপাঙে

পথাৰে-পথাৰে

মেজিৰ সেক লৈ,

সেৱাটি জনাই,

গঞা-জ্ঞাতি এক হোৱা৷

—–