NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবল ‘ৰেফাৰি ল’-ৰ দিনজোৰা কৰ্মশালা

Posted by: ৰিনয় বসুমতাৰী May 27, 2018 9:49 pm
kokrajhar football

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাই ‘ৰেফাৰি বিধি’ সন্দৰ্ভত কোকৰাঝাৰৰ ইণ্ড’ৰ ষ্টেডিয়ামত আজি ২৭ মে’ত দিনজোৰা কৰ্মশালা এখন আয়োজন কৰে।

চিম্বৰগাওঁ, ঝাৰবাৰী, ফকিৰাগ্ৰাম, বাসুগাওঁ আদি বিভিন্ন ঠাইৰ উপৰি বিভিন্ন ক্লাবৰ পৰা অহা প্ৰায় ৫০ গৰাকী স্বেচ্ছাসেৱকে কৰ্মশালাখনত ভাগ লয়।

বিটিচিৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে কৰ্মশালাখন উদ্বোধন কৰে।

কৰ্মশালাখন খুব গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰবীৰ ভট্টাচাৰ্য্যই কয় যে প্ৰতি বছৰে জুন মাহত অল ইণ্ডিয়া ফুটবল ফেডাৰেইশ্যনে ৰেফাৰিসকলৰ বাবে নতুন বিধি প্ৰেৰণ কৰে।

কৰ্মশালাখনত অসম ফুটবল সংস্থাৰ ৰেফাৰি প্ৰশিক্ষক গৌতম কলিতাই মুখ্য অতিথি আৰু সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে।