NORTHEAST NOW (Assamese)
Popular Stories

ভাং খেতি কৰাৰ ক্ষেত্ৰত নাথাকিব কোন বাধা! কোন ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকত লোৱা হ’ল এই সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2025 6:16 pm

এইবাৰ হিমাচল প্ৰদেশ চৰকাৰে নিয়ন্ত্ৰিত পদ্ধতিৰে ভাং খেতি কৰাৰ সিদ্ধান্ত লৈছে। চিকিৎসা, উদ্যোগিক আৰু বৈজ্ঞানিক উদ্দেশ্যত গৱেষণা আৰু অধিক জ্ঞানৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৰৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। জানিব পৰা মতে ইতিমধ্যে এখন বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও দুখন কৃষি বিশ্ববিদ্যালয়ক পাইলট প্ৰজেক্ট হিচাপে নিয়ন্ত্ৰিত খেতিৰ অনুমতি দিয়া হৈছে।

এই সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সুখুৰ নেতৃত্বত হিমাচল প্ৰদেশৰ কেবিনেটে চূড়ান্ত অনুমোদন প্ৰদান কৰে। চৌধুৰী সৰৱান কুমাৰ কৃষি বিশ্ববিদ্যালয়, পালামপুৰ আৰু ড. ৱাই.এছ. পাৰ্মাৰ উদ্যান শস্য নৌনি বিশ্ববিদ্যালয়ক যৌথভাৱে ভাং খেতিৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে কেবিনেটৰ এই সিদ্ধান্তক লৈ বিৰোধী সৰৱ হৈ পৰিছে।

হিমাচল প্ৰদেশ চৰকাৰে আশা কৰিছে যে, এই অধ্যয়নে ভৱিষ্যত পৰিকল্পনাৰ মূল্যায়ন কৰি কোন জাতৰ ভাং খেতি কৰিব লাগে আৰু কিমান পৰিমাণত খেতি কৰিব লাগে তাৰ স্পষ্ট ধাৰণা সৃষ্টি কৰিব। তদুপৰি ভাঙৰ সহায়ত কেনেকৈ ঔষধ তৈয়াৰ কৰিব পাৰি তাৰ সঠিক মূল্যায়ন হব।

দীৰ্ঘদিন ধৰি হিমাচল প্ৰদেশত ভাং খেতি নিষিদ্ধ হৈ আহিছে। ১৯৮৫ চনৰ এন ডি পি এছ আইনৰ ১০ আৰু ১৪ নং ধাৰাত চিকিৎসা, বৈজ্ঞানিক আৰু উদ্যোগিক উদ্দেশ্যত ভাং খেতি নিষিদ্ধ কৰা হৈছিল। ২০২৩ চনৰ এপ্ৰিল মাহত হিমাচল প্ৰদেশ চৰকাৰে ৰাজহ মন্ত্ৰী জগত সিং নেগীৰ নেতৃত্বত এখন সমিতি গঠন কৰে।

কমিটীয়ে উল্লেখ কৰে যে মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, আৰু জম্মু-কাশ্মীৰত নিয়ন্ত্ৰিত ভাং খেতি কৰা হয়। সেই প্ৰতিবেদন লাভ কৰাৰ পাছতে এই নিৰ্দেশ দিছে হিমাচল চৰকাৰে। এই খেতিৰ পৰা ৰাজ্যখনে প্ৰাৰম্ভিক বছৰতে ৪০০-৫০০ কোটি টকা ৰাজহ আহৰণ কৰিব পাৰিব বুলি কমিটীয়ে অনুমান কৰিছিল।