NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ পৰা ৯৩.২৭৫ মিলিয়ন মাৰ্কিন ডলাৰৰ ডিজেল ক্ৰয় কৰিব বাংলাদেশ চৰকাৰে! নুমলীগড় তেল শোধনাগৰে ধৰিব যোগান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2025 4:05 pm

ভাৰতৰ পৰা ১ লাখ ৩০ হাজাৰ মেট্ৰিক টন ডিজেল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে বাংলাদেশৰ মঃ ইউনুছ চৰকাৰৰ। ইয়াৰ বাবে মুঠ ব্যয় হব ১১৩৭.৯৬ কোটি টকা।

মঙলবাৰে (২৮ জানুৱাৰী) সচিবালয়ৰ কেবিনেট বিভাগৰ সন্মিলন কক্ষত অনুষ্ঠিত চৰকাৰী ক্ৰয় সম্পৰ্কীয় পৰামৰ্শদাতা পৰিষদৰ সমিতিৰ বৈঠকত এই ডিজেল আমদানিৰ অনুমোদন জনোৱা হয়।

বৈঠকত পোৱা সূত্ৰ অনুসৰি ২০২৪ চনৰ ৭ নৱেম্বৰত অৰ্থনৈতিক পৰিক্ৰমা উপদেষ্টা পৰিষদৰ সমিতিৰ বৈঠকত ২০২৫ চনৰ বাবে বাংলাদেশ পেট্ৰলিয়াম নিগমৰ শোধিত ইন্ধন তেল আমদানিৰ প্ৰস্তাৱ নীতিগতভাৱে অনুমোদন জনোৱা হয়।

শক্তি আৰু খনিজ সম্পদ বিভাগে আলোচনাৰ ভিত্তিত মূল্য নিৰ্ধাৰণ কৰি ভাৰতীয় চৰকাৰী মালিকানাধীন নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে হোৱা চুক্তিৰ অধীনত ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ১ লাখ ৩০ হাজাৰ মেট্ৰিক টন ডিজেল ক্ৰয় কৰাৰ সিদ্ধান্ত লয়।

এই ডিজেল আমদানি কৰাৰ বাবে ব্যয় হব ৯৩.২৭৫ মিলিয়ন মাৰ্কিন ডলাৰ। বাংলাদেশী মুদ্ৰাত এই ধনৰাশি ১১৩৭.৯৬ কোটি টকা। প্ৰতি বেৰেলত ডিজেলৰ মূল্য ৫.৫০ ডলাৰ বুলি অনুমান কৰা হৈছে। শক্তি আৰু খনিজ সম্পদ বিভাগে দাখিল কৰা প্ৰস্তাৱত পৰামৰ্শদাতা পৰিষদ সমিতিয়ে অনুমোদন জনায়।

জানিব পৰা মতে, বাংলাদেশ আৰু ভাৰতৰ মাজত ১৫ বছৰীয়া চুক্তিৰ অধীনত ২০১৬ চনৰ পৰা ডিজেল আমদানি কৰা হৈছে। পাইপলাইন নিৰ্মাণৰ পূৰ্বে এন আৰ এলৰ পৰা ৰেল ৱেগনৰ জৰিয়তে ভাৰতৰ পৰা ডিজেল আমদানি কৰা হৈছে।