NORTHEAST NOW (Assamese)
অসম

ম’হ যুঁজৰ অনুষ্ঠানত উপস্থিত থাকি বিপদত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা! উচ্চতম ন্যায়ালয়ৰ দাৰস্থ সাংবাদিক দিলীপ নাথ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2025 11:25 am

ম’হ যুঁজক সমৰ্থন জনোৱাৰ লগতে মুখ্য অতিথি হিচাপে ম’হ যুঁজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ত জনস্বাস্থ্য অভিযান্ত্ৰিক আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এক আবেদন দাখিল কৰিছে পৰিৱেশ সাংবাদিক দিলীপ নাথে।

উল্লেখ্য যে কিছু বছৰ পূৰ্বে দেশৰ উচ্চতম ন্যায়ালয়ে পশুৰ যুজক অবৈধ বুলি ঘোষণা কৰি এনে যুজ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। এই নিষেধাজ্ঞাক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰি জয়ন্ত মল্ল বৰুৱৰ বিৰুদ্ধে এই আৱেদন দাখিল কৰা হয়।

উল্লেখ্য যে যোৱা ১৫ জানুৱাৰীত শিৱসাগৰ জিলাৰ ৰংঘৰত ম’হ যুঁজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বৰুৱাই।

উল্লেখ্য যে ২০২৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়েও অসম চৰকাৰক ম’হ আৰু বুলবুল চৰাইৰ যুঁজ বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছিল।

খবৰ অনুসৰি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত স্বীকাৰ কৰিছিল যে এই অনুষ্ঠানটো আদালতৰ নিৰ্দেশ অৱমাননা কৰি অনুষ্ঠিত কৰা হৈছে।

সাংবাদিকগৰাকীয়ে অনুষ্ঠানটো আয়োজন কৰা মন্ত্ৰী বৰুৱা আৰু ৰংঘৰ কমিটীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ আদালতক আহ্বান জনাইছে।

ইফালে ভোগালী বিহু উদযাপনৰ সময়ত নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত ম’হ যুঁজৰ আয়োজকসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।