NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

বাংলাদেশত অব্যাহত সংখ্যালঘুৰ ওপৰত আক্ৰমণ : মন্দিৰত আক্ৰমণ কৰি ভাঙি পেলালে আই ‎সৰস্বতীৰ প্ৰতিমা ‎

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2025 5:51 pm

বাংলাদেশত পুনৰ বৃদ্ধি পাইছে সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা। বাংলাদেশত হিন্দু সকলে ‎সৰস্বতী পূজা অনুষ্ঠিত কৰাক লৈ পুনৰ আক্ৰমণ চলাইছে মৌলবাদীয়ে।

সোমবাৰে বাংলাদেশৰ ফৰিডপুৰত সৰস্বতী পূজাৰ এটা মণ্ডপত দুষ্কৃতিকাৰীয়ে সৰস্বতীৰ প্ৰতিমা ভাঙি ‎লণ্ডভণ্ড কৰি থৈ যায়।

জানিব পৰা মতে, এই ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে এজন লোকক আটক কৰিছে ‎বাংলাদেশী আৰক্ষীয়ে।

ঘটনাটোৰ পিছতে আৰক্ষীৰ দল মন্দিৰটোত উপস্থিত হৈ চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি ‎এজন সন্দেহযুক্ত যুৱকক আটক কৰে। ‎

আাৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে পূৰ্বেও মন্দিৰত আক্ৰমণ কৰাৰ ঘটনাত জড়িত ‎আছিল।